ডিজিটেল ডেস্ক, A NEWS 24×7: মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ সময়ত শোকাৱহ ঘটনা। নিৰ্বাচনী সভালৈ যোৱা TMC সমৰ্থকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। ৰাজ্যখনৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত ৫গৰাকী মহিলা মৃত্যুমুখত পৰে।
ভয়ংকৰ দুৰ্ঘটনাত আন কেইবাগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। নিহত কেইগৰাকীক মেৰিনা চাংমা, চাবিনা মাৰাক, কুকিলা মমিন, তেছা চাংমা বুলি চানাক্ত কৰা হৈছে । আনহাতে বাতৰি লিখাৰ সময়লৈকে আন এগৰাকী নিহতক চিনাক্ত কৰা হোৱা নাই।
জানিব পৰা মতে, খাৰকুটাৰ আদগ্ৰেত নিৰ্বাচনী সভালৈ গৈছিল একাংশ TMCৰ সমৰ্থক। নিৰ্বাচনী সভালৈ গৈ থকা অৱস্থাতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । এখন টাটা ডি আইত গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় গাড়ীখন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত বিধানসভাৰ উপ অধ্যক্ষ ড০ নোমল মমিন উপস্থিত হয়।