তীৰ্থ বৰা, নগাঁও: এতিয়াও লেহেমীয়া গতিৰে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ।দেশ কঁপোৱা বীভৎস হত্যাকাণ্ডৰ পাঁচ বছৰ তিনিমাহ উকলি যোৱাৰ পিছতো গতি লাভ কৰা নাই বিচাৰ প্ৰক্ৰিয়াই ।যাৰবাবে ন্যায়লাভৰ ক্ষেত্ৰত নগাঁও আদালতলৈ আহি আহি ভাগৰুৱা হৈ পৰিছে দুই পিতৃ ।
প্ৰশ্ন হয়,ভুক্তভোগী পৰিয়াল দুটিয়ে ন্যায় পাব কেতিয়া ?২০১৮ বৰ্ষৰ ৮ জুনত সংঘটিত হৈছিল দেশ কঁপোৱা এই বীভৎস কাণ্ড ।
কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক ।বৰ্তমান নগাঁৱৰ সত্ৰ ন্যায়ধীশৰ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া ।শনিবাৰে এই ঘটনাৰ ৭১ জন সাক্ষীৰ ভিতৰত অন্তিম গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হয় যদিও আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে এই বিচাৰ প্ৰক্ৰিয়াৰ ।
সেইবাবেই এই ২০২৩ বৰ্ষতেই বিচাৰ প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান অভি-নীলৰ দুই পিতৃ ক্ৰমে গোপাল চন্দ্ৰ দাস আৰু অজিত নাথৰ ।নগাঁৱত সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনালে অভি-নীলৰ দুই পিতৃয়ে ।