Wednesday, July 9, 2025
Homeঅসমমহাপুৰুষ গুৰু জনাৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী

মহাপুৰুষ গুৰু জনাৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তী

ডিজিটেল ডেস্ক, anews24x7: মহাপুৰুষ শ্ৰীশ্ৰী মন্ত শংকৰদেৱ গুৰুজনাৰ আজি ৫৭৫ সংখ্যক প্ৰৱিত্ৰ জন্ম জয়ন্তী উত্সিৱ ।উত্স ৱটিক লৈ পূৱাৰে পৰা ৰাজ্যৰ প্ৰতিটো নামঘৰত ভকত বৈষ্ণৱৰ সমাগম ।১৪৪৯ খ্ৰীষ্টাব্দত আহিন-কাতি মাহত বৰদোৱা আলিপুখুৰীত জন্ম হৈছিল মহাপুৰুষ গুৰু জনা ।পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা দেৱীৰ পুত্ৰ আছিল গুৰু জনা ।

পিতৃ মাতৃ বিয়োগৰ পিছতে বুঢ়িমাক খেৰখুটিয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল মহাপুৰুষ জনাক ।মহাপুৰুষ জনা আছিল সৰ্বগুণৰ অধিকাৰী ।তেও বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তক আছিল ।ধৰ্ম প্ৰচাৰ কৰা সমান্তৰালকৈ সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা,তৃত্যশিল্পী, চিত্ৰশিল্পী, গীতিকাৰ সুৰকাৰ তথা সৰ্বগুণৰ অধিকাৰী আছিল ।যাৰ নীতি আদৰ্শৰে আজিও অসমীয়া জাতিয়ে অতি গৌৰৱ অনুভৱ কৰে ।বিশ্ব দৰবাৰত জাতিটোক প্ৰতিস্থা কৰাত তেখেতৰ আছিল অতুলনীয় বৰঙণি ।

সেয়েহে এনে এজন ব্যক্তিৰ ওপজা দিনত তেখেতক স্মৰণ কৰি ৰাজ্যৰ প্ৰতিটো সত্ৰ নামঘৰত চলিছে গুৰুজনাৰ গুণানুৰ্কীত্তন ।পূৱাৰে পৰা সত্ৰ নামঘৰ সমূহত হৰিনামৰ অমল ধ্বনিৰে কপাই তুলিছে আকাশ বতাহ ।প্ৰতিজন অসমীয়াই আধ্যাত্মিকতা ভাৱ ধাৰাৰে গুৰুজনাৰ শ্ৰীচৰণত জনাইছে প্ৰণিপাত ।শংখ ডবা কাহৰ মাংগলিক ধ্বনিৰে সবৰ্ত্তে প্ৰভু ঈশ্বৰৰ গুঞ্জৰিত শব্দ ।মুঠৰ-ওপৰত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত ৰাজ্যৰ প্ৰতিটো নামঘৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments