ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতত শীঘ্ৰে আৰম্ভ হ’ব 5G ইণ্টাৰনেট সেৱা।ডিজিটেল ইণ্ডিয়াক আৰু অধিক মাত্ৰা দিবৰ বাবে ভাৰতত অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব 5G ইন্টাৰনেট সেৱা । অহা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰিব এই 5G ইন্টাৰনেট সেৱা।দিল্লীৰ প্ৰগতি ময়দানস্থিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছত 5G সেৱা আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে ।
অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী,ভাৰতী এয়াৰটেলৰ সুনীল মিট্টাল আৰু ভ’ডাফোন-আইডিয়া ইণ্ডিয়াৰ মুৰব্বী ৰবীন্দ্ৰ তক্কৰ।ইয়াৰ পিছতে দিল্লী আৰু মুম্বাইকে ধৰি দেশৰ সাতখন চহৰত ৰিলায়েন্স জিঅ , এয়াৰটেল আৰু ভি ভ’ডাফোন-আইডিয়াৰ দ্বাৰা 5G সেৱা প্ৰদান কৰিব ।
ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে এক টুইট যোগে সদৰী কৰে এই কথা । উল্লেখ্য যে বৰ্তমান 4G সেৱাত গ্ৰাহক সকলে ৬০ Mbps গতিত লাভ কৰাৰ বিপৰিতে 5G সেৱাত ১০০ Mbps গতিত ইন্টাৰনেট সেৱা লাভ কৰিব ।