Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ইউক্ৰেইন সেনাৰ ৰকেট আক্ৰমণত নিহত ৬৩ গৰাকী ৰুছ সেনা

ইউক্ৰেইন সেনাৰ ৰকেট আক্ৰমণত নিহত ৬৩ গৰাকী ৰুছ সেনা

ডিজিটেল ডেস্ক, ANEWS24X7: নতুন বৰ্ষতো অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৷ ৰাছিয়াৰ দখলত থকা ডনেটস্ক অঞ্চলত থকা ৰুছ সৈন্যৰ শিবিৰত ইউক্ৰেইন সেনাৰ ভয়ংকৰ ৰকেট আক্ৰমণত ৷ এই আক্ৰমণত নিহত হৈছে ৬৩ গৰাকী ৰুছ সেনা ৷ এই দাবী কৰিছে ৰাছিয়াই ৷

ৰাছিয়ান সেনাৰ ওপৰত এই আক্ৰমণ ইউক্ৰেইনৰ অন্যতম বিধ্বংসী আক্ৰমণ হিচাপে পৰিগণিত হৈছে ৷ ৰাছিয়াই দাবী কৰিছে যে নিৰ্দিষ্ট লক্ষ্য ভেদ কৰিব পৰা এই শক্তিশালী অস্ত্ৰ-শস্ত্ৰ আমেৰিকাই যোগান ধৰিছে ৷ আমেৰিকাই যোগান ধৰা এই অস্ত্ৰ সাহায্য সমূহে বিগত সময় সমূহত ৰাছিয়াক বিপদত পেলাইছে ৷

ইউক্ৰেইনৰ ৰকেট আক্ৰমণ সন্দৰ্ভত ৰাছিয়াৰ সমৰা অঞ্চলৰ গৱৰ্ণৰ দিমিত্ৰী আজাৰভে কয় যে ,‘‘মাকিভকা চহৰত হোৱা আক্ৰমণত নিহত আৰু আহত হোৱা লোকসকলৰ ভিতৰত অঞ্চলটোৰ বহু স্থানীয় বাসিন্দাও আছে ৷’’

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘটনা সন্দৰ্ভত কয় যে ,‘‘ ইউক্ৰেইনে মুঠ ছটা ৰকেট নিক্ষেপ কৰিছিল ৷ এই ৰকেট আক্ৰমণৰ ফলত শিবিৰটোত থকা গোলাবাৰুদ বিস্ফোৰণ ঘটে আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যু হয় ৷ ’’

ইয়াৰ বিপৰিতে ইউক্ৰেইনে দাবী কৰে যে , সোমবাৰে ৰাছিয়াই কিয়েভক লক্ষ্য কৰি ৪০ টাতকৈও অধিক ড্ৰ’ন নিক্ষেপ কৰিছিল ৷ ইয়াৰে কিছু ড্ৰ’ন ইউক্ৰেইন সেনাই ধ্বংস কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments