ডিজিটেল ডেস্ক, ANEWS24X7: বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব কমন ইউনিভাৰ্চিটি এনট্ৰেঞ্চ টেষ্টৰ ফলাফল ৷ নিশা ১০ বজাত ঘোষণা কৰা হ’ব ফলাফল ৷ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল সমূহ CUET ৰ অফিচিয়েল ৱেবছাইট cuet.samarth.ac.in ত চাব পাৰিব ৷ উল্লেখ্য যে, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অন্যান্য অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহত স্নাতক নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা CUET-UG 2022-ৰ প্ৰথম পৰ্যায়ত প্ৰায় ১৪ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে 60% পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷