ডিজিটেল ডেস্ক, anews24x7: জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ নিৰ্মাণাধীন ডাংডুৰু হাইডেল বিদ্যুৎ প্ৰকল্পৰ স্থানৰ সমীপত বুধবাৰে পুৱা সংঘটিত এক দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়।
আহতসকলক জিলা চিকিৎসালয় কিষ্টৱালৈ স্থানান্তৰ কৰা হৈছে।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ঘটনা সন্দৰ্ভত উপায়ুক্ত যাদৱৰ সৈতে পথ দুৰ্ঘটনা সন্দৰ্ভত আলোচনাত কৰে।
কেন্দ্ৰীয় মন্ত্ৰীয়ে কয়, “৭ জন লোকৰ মৃত্যু, ১ জন গুৰুতৰভাৱে আহত। আহতসকলক প্ৰয়োজন অনুসৰি জিলা চিকিৎসালয় কিষ্টৱাৰ বা জিএমচি ডোডালৈ স্থানান্তৰ কৰা হৈছে। সকলো সম্ভাৱ্য সহায়, প্ৰয়োজন অনুসৰি প্ৰদান কৰা হ’ব।”