Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়দেশত বিনামুলীয়াকৈ বিতৰণ কৰা হ’ব ৭ লাখ ডিডি-ফ্ৰি ডিছ

দেশত বিনামুলীয়াকৈ বিতৰণ কৰা হ’ব ৭ লাখ ডিডি-ফ্ৰি ডিছ

 

ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ উন্নত কৰিবলৈ ব্যয় কৰিব ২,৫৩৯ কোটি টকা ।

এই ধনৰাশী ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে মুকলি কৰি দিছে ধনৰাশী ।ইয়াৰ জৰিয়তে বহুতো পৰোক্ষ নিযুক্তিৰ সুযোগো সৃষ্টি কৰা হ’ব। এই সিদ্ধান্ত লোৱা হৈছে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত । 

কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ আন্তঃগাঁথনিও আধুনিকীকৰণ কৰা বাবে ব্যয় কৰিব ২,৫৩৯ কোটি টকা । ইয়াৰ দ্বাৰা দুয়োটা প্ৰতিষ্ঠানৰ সঁজুলি আৰু ষ্টুডিঅ’ বোৰ আধুনিক আৰু উন্নত প্ৰযুক্তিৰে সজ্জিত কৰা হ’ব । দূৰদৰ্শনত ভিডিঅ’ৰ মানদণ্ড উন্নত কৰা হ’ব ।

আনহাতে অল ইণ্ডিয়া ৰেডিঅ’ৰ ট্ৰেন্সমিটাৰ বোৰ উন্নীত কৰা হ’ব । এই উন্নীতকৰণ বিশেষকৈ সীমান্ত অঞ্চল আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কৰা হ’ব ।  

ইয়াৰ ওপৰিও কেন্দ্ৰীয় চৰকাৰে দূৰৱৰ্তী , সীমান্ত আৰু জনজাতীয় অঞ্চলত প্ৰায় ৭ লাখ ডিডি-ফ্ৰি ডিছ স্থাপন কৰিব । এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ ঘৰলৈ ডিটিএইচ সম্প্ৰসাৰিত কৰিব । দূৰদৰ্শনৰ অধীনত ৩৬ টা টিভি চেনেল চলোৱা হয় । ইয়াৰে ২৮ টা টিভি চেনেল স্থানীয় ভাষাৰ আৰু AIR-ৰ ৫০০ চেনেল সম্প্ৰচাৰ কৰা হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments