Thursday, November 7, 2024
Homeঅৰ্থনীতিবেংক কৰ্মচাৰী সকলে স্থানীয় ভষাত কথা কোৱাটো উচিত: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বেংক কৰ্মচাৰী সকলে স্থানীয় ভষাত কথা কোৱাটো উচিত: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

ডিজিটেল ডেস্ক, ANEWES24X7: বেংক কৰ্মচাৰী সকলে স্থানীয় ভষাত কথা কোৱাটো উচিত ৷ বেংকত এনে কৰ্মচাৰীকহে নিযুক্তি দিব লাগে , যি গ্ৰাহকৰ সৈতে স্থানীয় ভাষাত কথা পাতিব পাৰে ৷ দেশৰ ভাষাবৈচিত্ৰৰ প্ৰতি লক্ষ্য ৰাখি বেংকৰ কাৰ্যকলাপ সমূহ আঞ্চলিক ভাষাৰ ওপৰত গুৰুত্ব দিয়া উচিত এই মন্তব্য কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

শনিবাৰে মুম্বাইত অনুষ্ঠিত ভাৰতীয় বেংক সংস্থাৰ ৭৫ তম বাৰ্ষিক সভাত উপস্থিত থাকি বেংকাৰ সকলক সম্বোধন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ,‘‘ যদি বেংকৰ কৰ্মচাৰী এজনে আঞ্চলিক ভাষাত কথা নকয় আৰু হিন্দী ক’ব নোৱাৰাৰ বাবে গ্ৰাহকৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন কৰে ৷ মই ভাবো এইটো ব্যৱসায়ৰ বাবে একেবাৰে ভাল নহয় ৷ মই এইটো কৈছো কাৰণ এনে ধৰণৰ ঘটনা প্ৰকৃততে ঘটিছে ৷ আপোনালোকে ব্যৱসায় কৰিবলৈ ইয়ালৈ আহিছে ৷ নাগৰিক সকলৰ মাজত মূল্যবোধ গঢ়ি তুলিবলৈ নহয় ৷’’

ইয়াৰ ওপৰিও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ,‘‘ যদি এজন বেংক কৰ্মচাৰীয়ে আঞ্চলিক ভাষা নাজানে তেন্তে তেওঁক তেনে এটা চাকৰি দিয়া উচিত যাতে তেওঁ গ্ৰাহকৰ সৈতে বাৰ্তালাপ নকৰে ৷ বেংক কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত এই কথাটো মনত ৰখা উচিত ৷’’

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই মন্তব্যক আদৰণি জনাইছে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৷ পি চিদাম্বৰমে টুইট কৰি কয় যে ,‘‘ বিত্তমন্ত্ৰীয়ে একেবাৰে শুদ্ধ কথা কৈছে ৷ বেংকৰ কৰ্মচাৰীসকলে স্থানীয় ভাষাত গ্ৰাহকৰ সৈতে কথা পাতিব লাগে ৷ অৱশ্যে এই নিয়ম কেৱল বেংকতে নহয় , বীমা কোম্পানী , এয়াৰলাইন , টেলিফোন কোম্পানীতো কাৰ্যকৰী কৰিব লাগে ৷ গ্ৰাহক সেৱাৰ সৈতে জৰিত কৰ্মচাৰীসকলে সাধাৰণতে হিন্দী কয় ৷ যিটো বিৰক্তিকৰ ৷ আমি মনত ৰখা উচিত ভাৰতত বহুতো ভাষা আছে ৷ চৰকাৰী ভাষা দুটা হৈছে হিন্দী আৰু ইংৰাজী ৷’’

উল্লেখ্য যে গ্ৰাহক সকলে প্ৰায়ে বেংকলৈ গৈ ভাষাৰ সমস্যাৰ সন্মুখীন হয় ৷ এনে সমস্যা সমূহ দূৰ কৰিবৰ বাবে বেংক সমূহত আঞ্চলিক ভাষা বাধ্যতামূলক কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে ৷ নিৰ্মলা সীতাৰমণৰ এই মন্তব্যৰ পিছত এই দাবীটোৱে যেন এক মৰ্যদা লাভ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments