ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ: অৱশেষত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে DA বৃদ্ধিৰ নিৰ্দেশনা। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত ৪ শতাংশ DA বৃদ্ধিৰ নিৰ্দেশনা প্ৰকাশ কৰে অসম চৰকাৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে শেহতীয়াকৈ বৃদ্ধি পোৱা ৪ শতাংশ DA/DRৰ মূল্য অহা মাহৰ পৰা দুটা কিস্তিত লাভ কৰিব।
অসমৰ ৰাজ্যপালে A.S.(ROP) নিয়ম, ২০১৭ অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দৰমহা আৰু পেঞ্চন দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ’ব যিসকল কৰ্মচাৰীক ১ এপ্ৰিল ২০১৬ৰ পৰা বেতনৰ সংশোধিত স্কেললৈ অনা হৈছে।
ইয়াৰ লগতে যিসকল কৰ্মচাৰী এই সময়সীমাৰ আগতে প্ৰচলিত দৰমহাৰ পৰিমাণ বজাই ৰাখিবলৈ নিৰ্বাচিত হৈছে তেওঁলোকেও এই DA/DR বৃদ্ধিৰ হাৰ লাভ কৰিব পাৰিব।