ডিজিটেল ডেস্ক, A NEWS 24×7: সুৱদিসুৰীয়া অসমীয়া ভাষা-সাহিত্যৰ পুনৰুজ্জীৱিতকৰণেৰে জাতিৰ স্বাভিমান আৰু গৌৰৱৰ পথ প্ৰশস্ত কৰা জোনাকী যুগৰ উজ্জ্বল নক্ষত্ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া মাতৃভাষাৰ প্ৰসাৰৰ হকে দেহে-কেহে অহোপুৰুষাৰ্থ কৰা ৰসৰাজৰ অৱদান অতুলনীয়।
১৮৬৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী আছিল। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটী কলেজৰ পৰা বি.এ পাছ কৰে। চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰে।
তেখেতৰ ধেমেলীয়া নাটসমূহ- লিতিকাই’, ‘নোমল, পাচনী’, চিকিৰপতি-নিকৰপতি’। তেখেতে বুৰঞ্জীমূলক নাট’ জীৱনী, আত্ম-জীৱনী লিখাৰ উপৰি ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰুৱাৰ ভাৱৰ বুৰবুৰণি’, ‘বৰবৰুৱাৰ বুলনি’ আদি লিখি থৈ গৈছে। তেখেতে লিখাসমূহত হাঁহিৰ ছালেৰে অসনমীয়া মানুহৰ স্বভাৱ, দোষ-ক্ৰটিবিলাক আঙুলিয়াই দেখুৱাইছিল ।
তেখেতে হাস্যৰত্মক ৰচনাবোৰ ‘কৃপাবৰ বৰুৱা’ ছদ্মামত লিখিছিল। ১৯৩৮ চনৰ ২৬ মাৰ্চত এইজনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে।