- অৱশেষত কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে অষ্টম দৰমহা আয়োগ।
- এই আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ভাট্টা, আৰু অন্যান্য সুবিধাসমূহ পৰ্যালোচনা কৰিব।
- দৰমহাৰ গাঁথনি সন্দৰ্ভত আয়োগে নতুন পৰামৰ্শ দাখিল কৰিব।
- চৰকাৰে নিজৰ অধ্যক্ষ, সদস্য, মুখ্য কাৰ্যালয়, আৰু কামৰ পদ্ধতি অৰ্থাৎ টাৰ্মছ অৱ ৰেফাৰেন্স (TOR)ও ঘোষণা কৰিছে।
- বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ অধিসূচনা অনুসৰি অষ্টম দৰমহা আয়োগত তিনিগৰাকী সদস্য থাকিব।
- ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই হ’ব আয়োগৰ অধ্যক্ষ।
- অধ্যাপক পুলক ঘোষ হ’ব অংশকালীন সদস্য আৰু পংকজ জৈন হ’ব সদস্য সম্পাদক।
- এই আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, প্ৰতিৰক্ষা বাহিনী, সৰ্বভাৰতীয় সেৱা, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মী, ন্যায়িক বিষয়া আৰু অন্যান্য বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি পুনৰীক্ষণ কৰিব।
- ৮ম দৰমহা আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত হ’ব।
- নতুন দিল্লীৰ পৰাই ইয়াৰ সকলো কাম-কাজ, বৈঠক আৰু প্ৰতিবেদন প্ৰস্তুতি চলাব।
- উল্লেখ্য যে ১৮ মাহৰ ভিতৰত আয়োগে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।
- অৱশ্যে প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট বিষয়ৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিব পাৰে।
