অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অপেক্ষাৰ অন্ত পৰিব। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে নতুন বেতন ক্ৰমো ধাৰ্য হ’ব।অষ্টম দৰমহা আয়োগক লৈ নানা ধৰণৰ কথা-বতৰা চলি আছে। কিমান দৰমহা বৃদ্ধি পাব পাৰে, বাকী সকলো ভাত্তা মিলাই কিমান বেছিক দৰমহা হ’ব বা পে গ্ৰেড কিমান হ’ব তাক লৈ ডাঙৰ সিদ্ধান্ত হ’ব পাৰে।
অষ্টম দৰমহা আয়োগত কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব? ফিটমেণ্ট ফেক্টৰ যিমানেই নহওক কিয়, বেতন ভাল পৰিমাণেই বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।
ফিটমেণ্ট ফেক্টৰক লৈ বিভিন্ন ধৰণৰ আলাপ-আলোচনা আৰু জল্পনা-কল্পনা হৈছে। তিনিটা ফিটমেণ্ট ফেক্টৰক লৈ চৰ্চা চলিছে।প্ৰথমে, ১.৯২, দ্বিতীয়তে ২.৫৭, তৃতীয়তে ২.৮৬। ইয়াৰ ভিতৰত কিমান থাকিব তাক লৈ নানা আলাপ-আলোচনা চলিছে। নানা কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা সপ্তম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ, ৩.৬৮ গুণ দাবী কৰা হৈছে।কিন্তু বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ফিটমেণ্ট ফেক্টৰ ১.৯২ৰ আশেপাশে হ’ব পাৰে। ইয়াৰ ফলত বৰ্তমানৰ বেতনকৈ বহু পৰিমাণে বেছি হ’ব পাৰে কৰ্মচাৰীৰ দৰমহা।
জানুৱাৰী ২০২৫ত মহাৰ্ঘ্য ভাত্তা বৃদ্ধি পাইছে, জুলাই ২০২৫ত বৃদ্ধি পাইছে ২ শতাংশ। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলৰ মহাৰ্ঘ্য ভাত্তা ৫৮ শতাংশ।
অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে বেছিক দৰমহা + মহাৰ্ঘ ভাত্তা + ফিটমেণ্ট ফেক্টৰ মিলি বেছিক দৰমহা হ’ব পাৰে ১৮,০০০ + ১০,৯৮০ = ২৮,৯৮০ টকা, ফিটমেণ্ট ফেক্টৰ (১.৯২)।
