ডিজিটেল ডেস্ক, ANEWS24X7: পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ হিচাপে জনাজাত জাতিংগা। বিশেষকৈ আগষ্টৰ পৰা অক্টোবৰ মাহত জাতিংগাত দেশ-বিদেশৰ বিভিন্ন পক্ষীয়ে আত্মহত্যা কৰে। কিয় কেৱল এক নিৰ্দিষ্ট সময়ৰ ভিতৰতে জাতিংগাত পক্ষীৰ আত্মহননৰ ঘটনা সংঘটিত হয়?
পক্ষীসমূহৰ ৰহস্যজনক মৃত্যুৰ বিষয়ে গৱেষণা কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্নজনে জাতিংগা ভ্ৰমণ কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Gee। ১৯৬০ দশকত প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Gee-এ প্ৰসিদ্ধ ornithologist স্বৰ্গীয় ছলিম আলি (Salim Ali)ৰ লগত জাতিংগা ভ্ৰমণ কৰিছিল।
জাতিংগা ভ্ৰমণ কৰি তেওঁ এক বিশেষ তথ্য সমগ্ৰ বিশ্বৰ আগত পপ্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে জাতিংগাত পক্ষীসমূহে আত্মহত্যা নকৰে। বৰঞ্চ জাতিংগাত স্থানীয় লোকে পক্ষীসমূহক হত্যা কৰে।
মৌচুমী ঋতুৰ শেষভাগত, বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীৰে ঢকা ৰাতি ৬বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয় । গাঁওবাসীসকলে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে । আৰু তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহ হত্যা কৰে ৷
স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাৱিছিল যে ই এক প্ৰাকৃতিক ঘটনা। আকাশৰ পৰা উৰি আহি আত্মাসমূহে তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰিবৰ বাবে আহে ।
উল্লেখ্য যে, এই ঘটনাটোত Tiger Bittern, Black Bittern, Little Egret, Pond Heron, Indian Pitta আৰু Kingfisher প্ৰজাতিৰ পক্ষীৰ ক্ষতি হয় ৷