ডিজিটেল ডেস্ক, ANEWS24X7: দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে UAPA প্ৰৱৰ্তন কৰিছে। এই আইনৰ অধীনত ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৪৮৯০ টা গোচৰ ৰুজু কৰা হৈছে ৷ ২০১৯ চনৰ পৰা ২০২১ চনলৈ মাত্ৰ ১৭৬ জন লোকক শাস্তি প্ৰদান কৰা হৈছে ৷ বুধবাৰে সংসদত সংসদ কেৰেলাৰ সাংসদ টি এন প্ৰথাপন আৰু তামিলনাডুৰ সাংসদ বিষ্ণু প্ৰসাদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰে এই তথ্য ৷
২০২১ চনলৈকে এই আইনৰ অধীনৰ প্ৰায় ৪০০০ টা গোচৰৰ তদন্ত হোৱা নাই ৷ আনহাতে ২৮০০ টা গোচৰৰ বিচাৰ আৰম্ভ হোৱা নাই ৷ সংসদ কেৰেলাৰ সাংসদ টি এন প্ৰথাপন আৰু তামিলনাডুৰ সাংসদ বিষ্ণু প্ৰসাদে চৰকাৰক বিগত তিনি বছৰত ইউ এ পি এৰ অধীনত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৰাজ্যভিত্তিক হিচাপ দিবলৈ অনুৰোধ জনাইছিল । ইয়াৰ উপৰিও অভিযুক্ত ব্যক্তিৰ বয়স আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰিও তথ্য বিচাৰিছিল সাংসদ দুগৰাকীয়ে।
সংসদত ইউএপিএত থকা কয়দীসকলৰ ক্ষিপ্ৰ বিচাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ কিবা পৰিকল্পনা আছে নে, তদন্তৰ পৰা বিচাৰ আৰু শাস্তি প্ৰদানলৈকে কিমান সময় লাগে আৰু এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা কিমানজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নোৱাৰি, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰে সাংসদসকলে।
ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে , ‘‘ধৰ্মভিত্তিক কোনো পৰিসংখ্যা পৃথকে ৰখা নহয়। ইউএপিএত তদন্তসমূহ মূলতঃ ৰাজ্যসমূহৰ আৰক্ষীয়ে কৰে। এই আইনত কেন্দ্ৰীয় সংস্থাটোৱে সন্ত্ৰাসবাদকে ধৰি বিভিন্ন গোচৰৰ তদন্তৰ বাবে আৰক্ষী বাহিনীৰ ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ হাতত ইউ এ পি এৰ কিছুমান গোচৰ আছে।’’ উল্লেখ্য যে মণিপুৰত সৰ্বাধিক ২১৭৮ টা UAPA গোচৰ তদন্ত কৰিবলৈ আছে।