ডিজিটেল ডেস্ক, A NEWS 24×7:
কাউৰী পৰে,
কলৰে পাততে কাউৰী পৰে,
আগলতী চিত মোৰ লৰে চৰে,
দোম দোম ডবাতে কোনে কোব মাৰে,
আশাৰৰ ডাৱৰৰ আঁৰে আঁৰে,
অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে,
অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে;
কাউৰী পৰে…..
এই কালজয়ী গীতটোৰে এগৰাকী ডাকোৱালৰ মর্মবেদনাৰ নিখুঁত প্রতিচ্ছবি অতি হৃদয়স্পর্শী ৰূপত দাঙি ধৰি ছয়ৰ দশকতে প্রতিজন অসমীয়াৰ হিয়াত খােপনি পুতিবলৈ সক্ষম হােৱা অসমীয়া জাতিৰ বুকুৰ আপােন গণশিল্পী খগেন মহন্তৰ আজি ওপজা দিন। অসমৰ সুৱদী সুৰীয়া বিহুগীতসমূহক জনগণৰ অন্তৰৰ আঁহে আঁহে যিগৰাকী নমস্য-স্মৰণীয় পুৰােধাই প্রৱাহিত কৰি দিছিল, তেৱেঁই আছিল অসমীয়া লােকসংগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত।
অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা, মানুহৰ মুখে-মুখে বাগৰি অহা, কেঁচা মাটিৰ সুবাস সনা, থলুৱা সুৰৰ সংমিশ্রণৰে সমৃদ্ধ, অসমীয়াৰ প্ৰাণৰ আৱেগ সংপৃক্ত লােকসংগীতক পৰিমার্জিতভাৱে গণশিল্পী খগেন মহন্তই বিশ্বদৰবাৰলৈ কঢ়িয়াই লৈ গৈছিল।
বহুকেইটা কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা খগেন মহন্ত ১৯৪২ চনৰ ১৭ আগষ্টৰ দিনা নগাঁও জিলাৰ বগৰিগুৰিত জন্মগ্ৰহন কৰিছিল। বিহু সম্ৰাটগৰাকীৰ পিতৃৰ নাম হৰেন্দ্ৰ নাথ মহন্ত আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া দেৱী।
স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই সংগীত সাধনাত ব্ৰতী হোৱা মহন্তই বিহুগীতক জনপ্ৰিয় কৰাত বিশেষ ভূমিকা লৈছিল। ১৯৬৫ চনৰ পৰা আকাশবাণী কেন্দ্ৰৰ নিয়মীয়া শিল্পী আছিল তেওঁ।
১৯৭৬চনত খগেন মহন্তই যোগদান কৰিছিল আকাশবাণীত। তেওঁ প্ৰথম কম্প’জাৰ হিচাপে চাকৰিত যোগদান কৰিছিল। আকাশবাণী কেন্দ্ৰৰ পৰা উপসঞ্চালক হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল মহন্তই।
এইগৰাকী প্ৰৱাদপ্রতিম শিল্পীৰ গীতত কেঁচা মাটিৰ নিভাঁজ সুৱাস আৰু অসমৰ খাটিখােৱা মানুহৰ সুখ-দুখ, আশা-সপােনবােৰ সার্থকভাৱে প্রতিফলিত হৈছিল। প্রকৃতার্থতে, অসমীয়া লােকসংগীতৰ সুৰ-শব্দ-সংগীতক বিশুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত খগেন মহন্তৰ অৱদান সিংহভাগ বুলিলেও অত্যুক্তি কৰা নহ’ব।
পিতৃ হৰেন্দ্ৰনাথ মহন্ত আছিল সত্ৰীয়া সংস্কৃতিৰ ওজা স্বৰূপ। মাতৃ লক্ষ্মীপ্রিয়া দেৱীৰ মুখত খগেন মহন্তই সৰুৰে পৰাই শুনি আহিছিল ঘােষা-কীর্তন, বৰগীত, বিয়ানাম আদি। স্বাভাৱিকতেই নিচেই সৰু কালৰে পৰাই তেওঁ নিজৰ ঘৰখনত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ পাইছিল।
তৃতীয় শ্রেণীত পঢ়ি থাকোঁতে তেওঁ বিদ্যালয় পৰিদৰ্শকৰ আগত পৰিৱেশন কৰিছিল মিত্ৰদেৱ মহন্তৰ গীত— “আজি পেটুৱা পেট ভৰাই খা…”। শৈশৱতে পিতৃৰ পৰাই নাম-কীর্তন, গায়ন-বায়ন, সত্ৰীয়া নৃত্য-গীতৰ শিক্ষা লােৱাৰ উপৰি হাইস্কুলীয়া জীৱনত তবলা আৰু শাস্ত্রীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছিল নগাঁৱতে, বিখ্যাত সংগীতজ্ঞ সুশীল বেনাৰ্জীৰ ওচৰত। তেজপুৰৰ প’ল’ফিল্ড স্কুলত প্রাথমিক শিক্ষাৰ পাতনি মেলি ১৯৫৭ চনত তেওঁ মেট্রিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্বিলঙৰ ছেইন্ট এডমাণ্ডছ কলেজৰ পৰা আই এ পৰীক্ষা পাছ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে।
খগেন মহন্তৰ গীতসমূহত লোকজীৱন প্ৰতিফলিত হোৱাৰ লগতে গ্ৰাম্যজীৱনবোধ পৰিস্ফূত হয়। তেওঁৰ বিখ্যাত গানবোৰৰ ভিতৰত কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুজি দিলো ফুলাম চিঠি খনি, পাহাৰৰ জুৰিটি পিৰিটি সাৱটি ইত্যাদি। এই কালজয়ী গীতবোৰ আজিও চিৰসেউজ।
শ্বিলঙত পঢ়ি থকা দিনতে ‘শ্বিলং কলাকেন্দ্ৰ’ৰ সৈতে জড়িত হৈ ভালেকেইগৰাকী নমস্য সংগীত সাধকৰ সৈতে ঘনিষ্ঠ হৈ পৰা খগেন মহন্তই আৰু যেন পিছলৈ ঘূৰি চাব লগা হােৱা নাছিল। ১৯৫৬ চনত বৰেণ্য কবি-গীতিকাৰ কেশৱ মহন্তই খগেন মহন্তৰ ডাঙৰ বায়েক নিকুঞ্জলতা মহন্তক বিয়া কৰােৱাৰ পাছত কেশৱ-খগেনৰ যেন মণিকাঞ্চন সংযােগহে ঘটিল। কেশৱ মহন্তৰ প্ৰায়ভাগ গীতেই খগেন মহন্তৰ কণ্ঠত কালজয়ী হৈ শ্রোতাৰ অন্তৰৰ কোঁহে-কোঁহে বিয়পি পৰিছিল। সত্ৰীয়া সংস্কৃতিৰ কোলাত ডাঙৰ-দীঘল হােৱা খগেন মহন্তই সত্ৰীয়া সংগীতৰ সুৰৰ লগতে তেওঁৰ গীতত অসমীয়া থলুৱা লােকসুৰ, বিহুনাম আৰু আধুনিক গীতৰ সুৰৰ সমাহাৰ ঘটাইছিল। বােকাপানীৰ পৰা, চহাজীৱনৰ পৰা বিহুনামৰ লেছেৰি বুটলি তেওঁ বিহুগীতক মঞ্চ-অনাতাঁৰলৈ নি মান্যতা প্রদান কৰাৰ লগতে দেশৰ পৰা বিদেশলৈ জনপ্রিয় কৰি তুলিলে। কলেজীয়া জীৱনৰ পৰা মৃত্যুৰ সময়লৈকে ৰাজ্যৰ বাহিৰৰ বিভিন্ন সাংস্কৃতিক সমাৰােহত ভাগ লৈ বহিঃৰাজ্যৰ অজস্র জনগণক গীতৰ মায়াজালেৰে বিমুগ্ধ কৰি অসমীয়া সংগীতৰ সৌৰভ জগতজুৰি বিয়পাই দিছিল খগেন মহন্তই।
বিষ্ণ ৰাভাই ৰচনা কৰা অন্তিমটো গীত ‘এয়ে মোৰ শেষ গান’ সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল খগেন মহন্তই।এইগৰাকী শিল্পীয়ে ২০১৪চনৰ ১২জুনত ইহঃলীলা সম্বৰণ কৰে। ১৯৯২চনত খগেন মহন্তই লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।
খগেন মহন্তক আমি জীয়াই ৰাখিব লাগিব তেওঁ কৰি যােৱা অনুপম সৃষ্টিৰাজিৰ উচিত সংৰক্ষণৰ জৰিয়তে। সেয়াহে আমাৰ প্ৰাণৰ আপােন খগেন মহন্তৰ প্রতি অসমীয়াৰ প্রকৃত সন্মান আৰু শ্ৰদ্ধা জ্ঞাপনৰ চানেকি হ’ব।