Friday, November 8, 2024
Homeআন্তজাৰ্তিক৫০ বছৰীয়া বাছ চালকৰ প্ৰেমত ২৪ বছৰীয়া সুন্দৰী যুৱতী

৫০ বছৰীয়া বাছ চালকৰ প্ৰেমত ২৪ বছৰীয়া সুন্দৰী যুৱতী

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰেমৰ বাবে বয়সৰ বাধা হ’ব নোৱাৰে ৷ তাৰে প্ৰমাণ দাঙি ধৰিলে এহাল প্ৰেমিকে ৷ এইবাৰ ৫০ বছৰীয়া বাছ চালকৰ প্ৰেমত ২৪ বছৰীয়া সুন্দৰী যুৱতী ৷ এতিয়া ৫০ বছৰীয়া বাছ চালক আৰু ২৪ বছৰীয়া সুন্দৰী যুৱতীৰ প্ৰেম কাহিনী সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

এই ঘটনা পাকিস্তানৰ ৷ পাকিস্তানৰ পঞ্জাৱৰ চান্নুৰ পৰা লাহোৰলৈ কৰ্মক্ষেত্ৰলৈ এখন বাছত দৈনিক অহা যোৱা কৰোতে শ্বেহজাদী নামৰ যুৱতী গৰাকী প্ৰেমত পৰিল বাছ চালকৰ ৷

পাকিস্তানৰ পঞ্জাৱৰ চান্নুৰ পৰা লাহোৰলৈ কৰ্মক্ষেত্ৰলৈ এখন বাছত দৈনিক অহা যোৱা কৰিছিল শ্বেহজাদী নামৰ যুৱতীয়ে। সেই সূত্ৰেই চিনাকী হৈছিল ছাদিক নামৰ বাছ চালক জনৰ লগত। সেই মাধ্যমেৰেই বাছ চালক ছাদিক আৰু নিয়মীয়া যাত্ৰী শ্বেহজাদীৰ মাজত স্থাপন হৈছিল প্ৰেমৰ সম্পৰ্ক।

এক সাক্ষাৎকাৰত শ্বেহজাদীয়ে কয় যে, “ছাদিকৰ কথা কোৱাৰ ধৰণ, বাছ চলোৱাৰ ধৰণ, তেওঁৰ আচৰণ সকলো মোৰ মনত আছিল।” চান্নুৰ পৰা লাহোৰলৈ যোৱা দীঘলীয়া যাত্ৰাত সাদিকে পুৰণি প্ৰেমৰ গীত গাইছিল। দীঘলীয়া খোজ, প্ৰেমৰ গীত আৰু ইজনে সিজনৰ লগত চকুৰ সম্পৰ্ক স্থাপনত আমাৰ প্ৰেম গুঞ্জৰিত হৈ উঠিছিল। অৱশ্যে আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল ইজনে সিজনৰ আগত আমাৰ প্ৰেম স্বীকাৰ কৰা। অৱশেষত ক’বলৈ সাহস গোটাই ল’লোঁ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments