ডিজিটেল ডেস্ক, ANES24X7: মহাশিৱৰাত্ৰিৰ দিনটোত নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব মহাদেৱৰ সুউচ্চ মূৰ্তি ৷ যিটো নলবাৰী খাৰঝাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মাণ অৱস্থাত আছে ৯১ ফুট উচ্চতাৰ উত্তৰ–পূব ভাৰতৰ সূউচ্চ এই মূৰ্তিটো ।
ইপিনে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত নিৰ্মীয়মাণ অৱস্থাত থকা বৃহৎ শিৱমূৰ্তিটো ৰাইজৰ বাবে মুকলি কৰা হ’ব মহাশিৱৰাত্ৰিৰ দিনা ।
আনহাতে মহাদেৱৰ এই সুউচ্চ মূৰ্তিটোৰ তলতে এইবাৰ জাক–জমকতাৰে অনুষ্ঠিত হ’ব শিৱৰাত্ৰি ৷ আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই আনুস্থানিকভাৱে মুকলি কৰিবলগীয়া এই শিৱ মূৰ্তিটো।
ইফালে বৰ্তমানলৈকে ৩২ লাখ টকা খৰচ হৈছে যদিও আৰু ৬–৭ লাখ টকাৰ কাম বাকী থকাৰ কথা সদৰি কৰিলে উদ্যোক্তাসকলে ৷ উক্ত শিৱ মূৰ্তিটো উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত সু-উচ্চ আৰু ভাৰতবৰ্ষৰ ভিতৰত ষষ্ঠ স্থানত থকাৰ কথাও জনালে উদ্যোক্তা সকলে ৷ ইফালে মূৰ্তিটো মুকলিৰ পিছতেই পৰ্যটনৰ ক্ষেত্ৰতো এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।