ডিজিটেল ডেস্ক, ANEWS24X7: বুধবাৰে নিশা গুৰুগ্ৰামৰ ছেক্টৰ-৬২ত সংঘটিত দুৰ্ঘটনাটোৰ পৰা সংকীৰ্ণভাৱে ৰক্ষা পৰে দুজন বাইক আৰোহী। এই ঘটনাৰ ভিডিঅ’ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দিল্লীৰ কাঞ্জাৱালা দুৰ্ঘটনাৰ দৰে এক ভয়ানক ঘটনা পোহৰলৈ আহিছে হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা, য’ত এজন গাড়ী চালকে চাৰি কিলোমিটাৰ বাইক টানি লৈ যায়।
ইয়াত দেখা গৈছে যে তীব্ৰবেগী গাড়ীখনে বাইকখন প্ৰায় ৪ কিলোমিটাৰ টানি লৈ গৈছে। বাইকখন টানি নিয়াৰ সময়ত বাইকখনৰ পৰা স্পাৰ্ক ওলাই আহিছে।দুই যুৱকে বাইক চলাই নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন গাড়ীয়ে বাইক আৰোহী যুৱককেইজনক খুন্দা মাৰে।
সৌভাগ্যক্ৰমে সংঘৰ্ষৰ পিছত দুয়োজন বাইক আৰোহী পথৰ দাঁতিত বাগৰি পৰে আৰু বাইকখন গাড়ীৰ পিছফালে আবদ্ধ হৈ পৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গাড়ী চালকজনক বিচাৰিছে।
