ডিজিটেল ডেস্ক, anews24x7: আজি পুৱা GMCHত শেষ নিশ্বাস ত্যাগ সুদক্ষিণা শৰ্মাৰ। এটি প্ৰাণস্পৰ্শী কণ্ঠ, যিটো কণ্ঠ সকলোৰে শৈশৱকালৰপৰাই সম্পৃক্ত হৈ আছে! এয়া এক সোণালী যুগৰ অৱসান।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা আছিল গীতিকাৰ, সুৰকাৰ দিলীপ শর্মাৰ পত্নী। ১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা। ঘৰত তেওঁক সকলোৱে মাতিছিল কুইন বুলি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ নাম দিছিল কুইন হাজৰিকা।
ৰেডিঅ’ত প্ৰথমে গীত গাঁওতে তেওঁ কুইন হাজৰিকা নামেৰেই গাইছিল। অতি বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা। তাৰ পাছৰ পৰাই তেওঁ সুদক্ষিণা শৰ্মা নামেৰে পৰিচিত হৈ পৰে।
এটা অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই শৈশৱতেই জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল। মাত্ৰ দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণু প্ৰসাদ ৰাভা তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ ‘বিশ্বৰে ছন্দে ছন্দে’, অ’ মইনাকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল।
১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল। সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।
১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই ১০ বছৰ বয়সতে কলকাতাত ‘নাহৰ ফুলে নুশুৱায়’ গীতটি বাণীবদ্ধ কৰিছিল । তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল তেজপুৰত । ‘চিকমিক বিজুলী’, ‘মণিৰাম দেৱান’, ‘পাৰঘাট’, ‘অবুজ বেদনা’ আদি ছবিত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে । সুদক্ষিণা শৰ্মাৰ প্ৰকৃত নাম আছিল কুইনী হাজৰিকা । জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ এই নাম দিছিল । পিছলৈ শহুৰেক দীননাথ শৰ্মাই তেওঁৰ নাম দিছিল সুদক্ষিণা শৰ্মা ।২০০২ চনত সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল সুদক্ষিণা শৰ্মাই ।
১৯৫৪ চনৰ ১২ আগষ্টত দিলীপ শৰ্মাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সুদক্ষিণা শৰ্মা । নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ চতুৰ্থ সন্তান আছিল সুদক্ষিণা শৰ্মা । যোৱা ২৩ জুনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । নিমোনিয়াত আক্ৰান্ত হৈছিল শিল্পীগৰাকী ।
মৃত্যুৰ পিছত নিজৰ শৰীৰ দান কৰি থৈ গৈছে শিল্পীগৰাকীয়ে । নেত্ৰদান কৰাৰ লগতে দেহদানো কৰি থৈ গৈছে সুদক্ষিণা শৰ্মাই । ইতিমধ্যে চকু দান কৰা কাৰ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সম্পন্ন হৈ গ’ল । আবেলিলৈ দেহ দান পৰ্বও সম্পন্ন কৰা হ’ব । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সময়ত শিল্পীগৰাকীৰ দেহ ব্যৱহাৰ কৰা হ’ব ।
সুদক্ষিণা শৰ্মাৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীৰ ক্ষেত্ৰৰ লগতে সাংস্কৃতিক আৰু সামজাকি ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে।