ডিজিটেল ডেস্ক, ANEWS24X7: চৌদিশে গুঞ্জৰিত হৈছে মাংগলিক ধ্বনি। ন-উদ্যমেৰে সকলোৱে এতিয়া কৰিব কাম। দেশ কপোঁৱা বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা কাণ্ডৰ কথা সকলোৰে মনত আছে। বিগত বৰ্ষৰ ২১ মে’ত একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা।তেতিয়াৰ পৰা স্থায়ী গৃহ অবিহনে অস্থায়ী ৰূপে চলি আছিল গুৰুত্বপূৰ্ণ অঞ্চলৰ থানাখন।
আজি মাংগলিক কাৰ্যসূচীৰ মাজেৰে এটি স্থায়ী ঠিকনা পালে বটদ্ৰৱা আৰক্ষী থানাই। যাৰ বাবে উৎফুল্লিত বটদ্ৰৱা বাসী ৰাইজৰ লগতে সত্ৰৰ ভকত বৈষ্ণৱে বটদ্ৰৱা থানৰ নৱনিৰ্মিত আটকধুনীয়া গৃহটি মুকলি কৰে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মূখাৰ্জীয়ে লগতে উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে, বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী আৰু শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰনাৰায়ন দেৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।
উল্লেখ্য যে ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পূণ্যভূমিত অৱস্থিত বটদ্ৰৱা আৰক্ষী থানা খন অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে।
ইপিনে ‘জনহিত জনসেৱাৰ্থে’ৰ মূল মন্ত্রৰে ন-উদ্যমেৰে ৰাইজৰ হকে কাম কৰিবলৈ সাজু এতিয়া বটদ্ৰৱা আৰক্ষী।যত সাধাৰণ ৰাইজৰ লগতে মহিলা আৰু শিশুৰ বাবে আছুটীয়া কক্ষ ৰখা হৈছে। বৰ্তমান পৰিদৰ্শক পৰ্যায়লৈ উন্নীত হোৱা বটদ্ৰৱা থানাখনে বৃহত্তৰ হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ ১৯ খন ৰাজহ গাঁও সামৰি লব নৱনিৰ্মিত বটদ্ৰৱা আৰক্ষী থানাই।