Wednesday, March 11, 2026
Homeঅসমউত্তৰ গুৱাহাটীত আতংক, ম'হৰ আক্ৰমণত আহত এজন লোক

উত্তৰ গুৱাহাটীত আতংক, ম’হৰ আক্ৰমণত আহত এজন লোক

অজিত চমুৱা, উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী ৰজাদূৱাৰ ঘাটত অঘটন ।বনৰীয়া ম’হৰ আক্ৰমণত আহত এজন লোক । আহত লোকজন উত্তৰ গুৱাহাটী জলাহৰ নৰেশ্বৰ দাস ।

আহত নৰেশ্বৰক তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ । ৰংমহল চাপৰিৰ পৰা পানীত উটি আহি ৰজাদূৱাৰ ফেৰী ঘাটত আশ্ৰয় লৈছিল পাঁচটা বনৰীয়া ম’হে ।

ম’হ কেইটাই এতিয়াও বিচৰণ কৰিছে ৰজাদূৱাৰৰ আশেপাশে ।স্থানীয় বন বিভাগৰ লোক উপস্থিত হোৱা নাই ঘটনাস্থলীত । আতঙ্কময় পৰিবেশ পাৰঘাটত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments