ডিজিটেল ডেস্ক, ANEWS24x7: হায়দৰাবাদত ভয়ংকৰ দুৰ্ঘটনা ৷ হায়দৰাবাদৰ লাংগৰ হাউজ বাথৰুমৰ গিজাৰ বিস্ফোৰণ হৈ মৃত্যু এহাল নৱবিবাহিত দম্পতী ৷মৃত্যু হয় চৈয়দ নিচাৰুদ্দিন আৰু তেওঁৰ পত্নী উম্মে মহিমিন চাইমা ৷
বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ নিশা ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ কোঠাৰ পৰা উদ্ধাৰ কৰে মৃতদেহ দুটা ৷ মৃত চৈয়দ নিচাৰুদ্দিন পেচাত এগৰাকী চিকিৎসক আৰু তেওঁৰ পত্নী চাইমা এমবিবিএছৰ অন্তিম বৰ্ষৰ ছাত্ৰী আছিল ।
শ্বৰ্ট চাৰ্কিটৰ ফলতে দম্পতীহালৰ ঘৰৰ বাথৰুমৰ গিজাৰটো বিস্ফোৰণ হৈছিল বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে ৷