ডিজিটেল ডেস্ক, ANEWS24X7: সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিলে এজন পাকিস্তানী নাগৰিক। বৃহস্পতিবাৰে যুৱকজনক ধৰিলে বি এছ এফে। কিন্তু তেওঁৰ পৰা একো পোৱা নগ’ল। বি এছ এফৰ সূত্ৰ অনুসৰি পাকিস্তানী নাগৰিকগৰাকীয়ে অজানিতে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে। পিছত তেওঁক বি এছ এফে পাক ৰেঞ্জাৰছৰ হাতত গতাই দিয়ে।
পঞ্জাৱৰ ফাজিলকা জিলাৰ খানপুৰ গাঁৱত বৃহস্পতিবাৰে পুৱা সংঘটিত ঘটনা। এই সন্দৰ্ভত বি এছ এফে পাক ৰেঞ্জাৰক অভিযোগ কৰে। পিছত মানৱীয় দিশটো বিবেচনা কৰি পাকিস্তানী নাগৰিকজনক সেই দেশৰ ৰেঞ্জাৰসকলৰ হাতত গতাই দিয়া হয়।
বি এছ এফৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ২৬ জুলাইত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল পাকিস্তানী নাগৰিকগৰাকী। কিন্তু তেওঁৰ পৰা একো পোৱা নগ’ল। এই ঘটনাৰ দুসপ্তাহ পূৰ্বে আন এজন পাকিস্তানী নাগৰিকক বি এছ এফে গ্ৰেপ্তাৰ কৰে। সেইবাৰ পঞ্জাৱৰ অমৃতসৰ গ্ৰাম্য জিলাৰ কামীৰপুৰা গাঁৱৰ সমীপত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল পাকিস্তানী নাগৰিকজনে। ইয়াৰ পূৰ্বে যোৱা জুন মাহত পঞ্জাৱৰ ফিৰোজপুৰ জিলাত অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত আন এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল।
পাকিস্তানী কইনা সীমা হাইদৰে যোৱা মে’ মাহত নিজৰ চাৰিটা সন্তানৰ সৈতে নেপাল সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। সীমাই দাবী কৰে যে ভাৰতীয় নাগৰিক শচীন মীনাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাবেই তেওঁ নিজৰ দেশ এৰি ভাৰতলৈ আহিছিল। তদন্তকাৰীৰ মাজত পাকিস্তানী মহিলাগৰাকীৰ “অনুপ্ৰৱেশ”ক লৈ সন্দেহ বাঢ়িছে। ইতিমধ্যে সীমা আৰু শচীনক উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই জেৰা কৰিছে।