চামচুল হক, ৰঙিয়া:ৰঙিয়া পূৱ বনগাঁৱৰ ধৰণী বড়ো নামৰ লোকজন কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।৩নং মহলাৰ ৮৯নম্বৰ বেডত চিকিৎসাধীন হৈ আছিল ধৰণী বড়ো।
৩০নৱেম্বৰ তাৰিখে তেওঁৰ পত্নী শুই থকা দেখি ৰাতিপুৱাই ৫মান বজত মেডিকেলৰ পৰা পলায়ন কৰে ধৰণী বড়োৱে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ তাত বিচাৰ খোচাৰ কৰিও আজিলৈ কোনো সন্ধান পোৱা নাই লোকজনৰ।
কোনো সচেতন ব্যক্তিয়ে লোকজনৰ সন্ধান পালে পৰিয়ালৰ লগত 84535 13445 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই অসহায় পত্নী গৰাকীয়ে।