Sunday, July 6, 2025
Homeঅসমদিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা হ'ব এখন আসন

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা হ’ব এখন আসন

ডিজিটেল ডেস্ক, ANEWS24X7: দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা হ’ব এখন আসন । ইয়াৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়খনত গঢ়ি তোলা হ’ব এটি গৱেষণা কেন্দ্ৰ ৷ বৃহস্পতিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে ।

ইয়াৰ উপৰিও এটি গৱেষণা কেন্দ্ৰও গঢ়ি তোলা হ’ব বিশ্ববিদ্যালয় খনত । বৃহস্পতিবাৰে অসম বিধানসভাত ৩০১ নং নিয়মৰ অধীনত বিজেপিৰে বিধায়ক বিশ্বজিৎ ফুকনে মাধৱ কন্দলিৰ ৰামায়ণ সন্দৰ্ভত উত্থাপন কৰা এক বিষয়ৰ উত্তৰ দিবলৈ গৈ এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে ।

শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে দিল্লী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে শীঘ্ৰেই অসম চৰকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক চুক্তি কৰিব । আৰু এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে অসমৰ প্ৰাচীন সাহিত্য, ৰামায়ণী সাহিত্য আদি বিশ্ব দৰবাৰত প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰা হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments