Thursday, March 12, 2026
Homeআন্তঃৰাষ্ট্ৰীয়২০-২৫ হাজাৰ নহয় এটা ভেড়াৰ মূল্য ২ কোটি

২০-২৫ হাজাৰ নহয় এটা ভেড়াৰ মূল্য ২ কোটি

ডিজিটেল ডেস্ক,ANEWS24X7: ২০ হাজাৰ বা ২৫ হাজাৰ নহয় এটা ভেড়া বিক্ৰী হৈছে ২ কোটি টকাত ৷ চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল ভেড়াৰ খিতাপ অৰ্জন কৰিছে ভেড়াটোৱে ৷ এই ভেড়াটো বিক্ৰী কৰা হৈছে অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত ৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ভেড়াটো ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট চিণ্ডিকেট’ৰ দ্বাৰা ক্ৰয় কৰা হৈছিল।অষ্ট্ৰেলিয়াত ভেড়া আৰু নোমৰ চাহিদা যথেষ্ট। বগা ভেড়াৰ চাহিদা, বিশেষকৈ মাংসৰ বাবে, দিনক দিনে বাঢ়ি আহিছে। একে সময়তে, এই ভেড়াবোৰৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে।

গ্ৰাহাম গিলমো নামৰ এজন ভেড়া বিক্ৰেতাই ২ কোটি টকাত বিক্ৰি কৰিছে এই বিশেষ প্ৰজাতিৰ ভেড়াটো ৷ ভেড়া বিক্ৰেটাজনে কয় যে ,‘‘ কেতিয়াও কল্পনা কৰা নাছিলো ভেড়াটোৱে লাখৰ ঘৰ অতিক্ৰম কৰিব৷ এই প্ৰজাতিৰ ভেড়াৰ অত্যাধিক নোম নহয় ৷ এই প্ৰজাতিৰ ভেড়া মাংসৰ বাবে পালন কৰা হয় ৷ ই অতি সোলকালে বিকশিত হয় ৷চাৰিজন গ্ৰাহকে মিলি এই ভেড়াটো ২ কোটি টকাত ক্ৰয় কৰিছে ৷’’

উল্লেখ্য যে বিগত বৰ্ষত স্কটলেণ্ডত এটা ভেড়া ৩.৫ কোটি টকাত বিক্ৰী কৰা হৈছিল ৷ এই ভেড়াটো টেক্সেল প্ৰজাতিৰ আছিল ৷ স্কটলেণ্ডৰ এই ভেড়াটোৱে ২০২১ চনৰ আটাইতকৈ ব্যয়বহুল ভেড়াৰ খিতাপ জয় কৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments