ডিজিটেল ডেস্ক, anews24x7: কোনোবা সন্তান নিজৰ জীৱনত সকলোতকৈ আগত নিজৰ দেউতাক লগ পায়। শিশুৰ ক্ৰমবৰ্ধমান যুগত তেওঁক এনেকুৱা ব্যক্তিক প্ৰয়োজন যি তেওঁৰ ছুপাৰ হিৰো হব পাৰে। পিতাই এজন ছুপাৰ হিৰো নায়কৰ সকলোতকৈ ভাল উদাহৰণ। এজন দেউতায়ে পৰিয়ালৰ কাৰণে দিন-ৰাতি অক্লান্ত পৰিশ্ৰম কৰে, য’ত নিজৰ সন্তানক ভালদৰে শিক্ষিত কৰি আৰু নিজৰ পৰিয়ালক সমৰ্থন কৰিব পাৰে।

তেওঁৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰতি বছৰ ফাদাৰ্স ডে বা পিতৃ দিবস্ উদ্যাপন কৰো। এই দিনতে আমি নিজৰ পিতৃক সন্মান বা কৃতজ্ঞতা কৰো। প্ৰত্যেক জন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক নেপথ্য ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকি চকুলো তুকে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই।
মাতৃৰ মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট কিন্ত পিতৃ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল য’ত লীন হৈ থাকে বহু অকথ্য আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা অথচ মৌন হৈ থাকে তেঁও । জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিবোৰতো ভাঙি পৰিব নিদি সদায় যুজিবলৈ সাহস দিয়া মানুহজন পিতৃ ।
