ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিক লৈ বিধায়ক অখিল গগৈয়ে অভাৰলেপিং প্ৰসংগ উত্থাপন কৰিছিল। আজি সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈৰ নাম নোলোৱাকৈ সমালোচনা কৰি কয় যে,
”অভাৰলেপিং বজাৰত ওলোৱা এটা শব্দ। এতিয়াই আমি কেনেকৈ ক’ম অভাৰলেপিং হৈছে বুলি? চাকৰিত যোগ নিদিয়ালৈ কেনেকৈ ক’ম? এক লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ’লে এখন ডিৰেক্টৰী প্ৰস্তুত কৰিম৷ তাত কোনে কোনে নিযুক্তি পালে সকলো তথ্য থাকিব।”
আজি নিশা মাজভাগত LP,ME স্কুলৰ ফলাফল ঘোষণা হ’ব৷ দিছপুৰৰ সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে লগতে ১৪ মে’ৰ ভিতৰত সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে জুলাই মাহত আৰু দহ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিব বুলি ঘোষণা কৰে সংবাদমেলত। মুখ্যমন্ত্ৰীয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে চৰকাৰী চাকৰিৰ তালিকাত ৱেটিং লিষ্ট বোলা কোনো কথা নাই। তৰুণ গগৈ চৰকাৰৰ দিনত ২০০৫ চনত Asaam FRBN Act পাছ হৈছিল, যাৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত ৱেটিং লিষ্ট থাকিব নোৱাৰিব। এইক্ষেত্ৰত যিয়ে ৱেটিং লিষ্ট ৰাখিব, তেওঁৰ ন্যূনতম তিনি বছৰ জেল হ’ব।
১১ মে’ৰ পৰিৱৰ্তে ২৬ মে’ত প্ৰদান কৰিব নিযুক্তি পত্ৰ। জনতা ভৱনত সংবাদমেলযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ২৬ মে’লৈ পিছুৱালে গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ।