Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়ৰে'লত ভয়ানক অগ্নিকাণ্ড

ৰে’লত ভয়ানক অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, anews24x7: শনিবাৰে পুৱা মাদুৰাই ৰেল ষ্টেচনত স্থবিৰ ৰেল বিভাগৰ ভিতৰত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত কমেও ১০ জন লোকৰ নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়।দক্ষিণ ৰেলৱেই জনোৱা মতে,ব্যক্তিগত পাৰ্টিৰ ডবাত থকা দলৰ একাংশ সদস্যই অবৈধভাৱে সৰবৰাহ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰটো চাহ/জলপান প্ৰস্তুতৰ বাবে অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ কৰিছিল, যাৰ ফলত ষ্টেবল/পাৰ্ক কৰা ডবাটোত জুই লাগে।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা আহিছিল “ব্যক্তিগত দলৰ ডবাটোৰ যাত্ৰীসকল।

ততাতয়াকৈ মাদুৰাই জিলাৰ উপায়ুক্ত এম এছ সংগীতাই আহত ২০ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালযলৈ প্ৰেৰণ কৰে।জুই নিৰ্বাপনৰ লগত জড়িত ৰে’লৱে কৰ্মচাৰীৰ উপৰিও আৰক্ষী, অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ সেৱাৰ কৰ্মীয়ে জ্বলি যোৱা মৃতদেহসমূহ ডবাটোৰ পৰা উদ্ধাৰ কৰে ।

দক্ষিণ ৰে’লৱেৰ বিবৃতিৰ মতে শনিবাৰে পুৱা ৫:১৫ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু আধা ঘণ্টাৰ পিছত সেই স্থানত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনয়ে পুৱা ৭:১৫ বজাৰ ভিতৰত জুই নিৰ্বাপন কৰে।”এইখন ব্যক্তিগত পাৰ্টিৰ ডবা কালি (২৫ আগষ্ট) নাগাৰকইল জংচনত ১৬৭৩০ নং ৰে’লেৰে (পুনালুৰ-মাদুৰাই এক্সপ) সংলগ্ন কৰা হৈছিল। পাৰ্টিৰ ডবাটো ডিটাচ কৰি মাদুৰাই ষ্টেবলিং লাইনত ৰখা হৈছিল।

ব্যক্তিগত পাৰ্টিৰ ডবাখনৰ যাত্ৰীসকলে চোৰাং গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে গটনা সংঘটিত হয় বুলি জানিব দিয়ে ।আনহাতে, পাৰ্টিৰ প্ৰশিক্ষকগৰাকীয়ে ১৭ আগষ্টৰ পৰা লক্ষ্ণৌৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল, দেওবাৰে চেন্নাইলৈ উভতি আহি তাৰ পৰাই লক্ষ্ণৌলৈ উভতি যোৱাৰ কথা আছিল।অবশ্যে বেছিভাগ যাত্ৰীয়ে জুই লক্ষ্য কৰি ডবাৰ পৰা পলায়ন কৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। কিছুমান যাত্ৰী ইতিমধ্যে ডবাটো ডিটাচমেণ্টৰ পূৰ্বেও প্লেটফৰ্মত নামিছিল।’মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়াললৈ ১০ লাখ টকাৰ ধন প্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments