Tuesday, March 10, 2026
Homeআন্তজাৰ্তিকসৰ্বমুঠ ৩৩ বছৰৰ কাৰাদণ্ড শান্তিৰ ন’বেল বঁটা বিজয়ী আং-চান-চ্যু-কীক

সৰ্বমুঠ ৩৩ বছৰৰ কাৰাদণ্ড শান্তিৰ ন’বেল বঁটা বিজয়ী আং-চান-চ্যু-কীক

ডিজিটেল ডেস্ক, ANEWS24X7: ৩৩ বছৰলৈ বৃদ্ধি পালে শান্তিৰ ন’বেল বঁটা বিজয়ী ম্যানমাৰৰ গণতন্ত্ৰপন্থী নেত্ৰী আং-চান-চ্যু-কীৰ কাৰাদণ্ডৰ ম্যাদ ৷ দেশখনৰ সামৰিক আদালতে দুৰ্নীতিৰ অভিযোগত আৰু ৭ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰিছে ৷ ৭৭ বছৰীয়া চ্যু-কীৰ বিৰুদ্ধে থকা সকলো গোচৰৰ ৰায় প্ৰদান কৰিলে সামৰিক আদালতে ৷

সামৰিক জুন্টা চৰকাৰে ১৮ মাহৰ ভিতৰত আং-চান-চ্যু-কীৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ ৰায় সম্পূৰ্ণ কৰিছে ৷আং-চান-চ্যু-কীৰ বিৰুদ্ধে জুন্টা চৰকাৰে দুৰ্নীতিৰ লগত জড়িত থকা , অবৈধভাৱে ৱাকি-টকী আমদানী কৰা , চৰকাৰী গোপন আইন উলংঘা কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল ৷ এই আটাইকেইটা অভিযোগতে আং-চান-চ্যু-কীক দোষী সাৱস্ত কৰিছে ম্যানমাৰৰ সামৰিক আদালতে ৷

উল্লেখ্য যে,  জুন্টাৰ আদালতে অতি গোপনে বিজয়ী নেত্ৰী চ্যু কীক বিৰুদ্ধে থকা গোচৰ সমূহৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ আং-চান-চ্যু-কীক ম্যানমাৰৰ সামৰিক চৰকাৰে বন্দী কৰি ৰখোৱাৰ বাবে সমগ্ৰ বিশ্বই সামৰিক চৰকাৰৰ গৰিহণা দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments