Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়সামাজিক মাধ্যমত খলকনি তুলিছে এটা ভিডিঅ’ই

সামাজিক মাধ্যমত খলকনি তুলিছে এটা ভিডিঅ’ই

 

ডিজিটেল ডেস্ক, ANEWS24X7: ২০১৩ চনৰ অৰ্জুন কাপুৰ, ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰা অভিনীত ছবি ‘গণ্ডে’ৰ ‘টিউন মাৰি এণ্ট্ৰিয়ান’গীতত নৃত্য কৰি মঞ্চত খলকনি তুলিছে ছুপাৰষ্টাৰ আমিৰ খানৰ সৈতে।

তেওঁলোকৰ নৃত্যৰ ভিডিঅ’টো ভোপালৰ বিবাহ অনুষ্ঠানৰ । যিটো সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে । ভিডিঅ’টোত দুয়োজন অভিনেতাই ক’লা সাজ-পোছাকত যমজ ৰূপ লোৱা দেখা গৈছে।

আমিৰে ক’লা কুৰ্তা পায়জামাৰ লগতে সোণালী সীমাৰেখা থকা দুপাট্টা পিন্ধি থকাৰ বিপৰীতে কাৰ্তিক পিন্ধিছিল ক’লা কোট আৰু পেণ্ট। ইপিনে কৰ্মক্ষেত্ৰত আমিৰক শেষবাৰৰ বাবে ‘লাল সিং চদ্ধা’ছবিত কৰীনা কাপুৰ, নগা চৈতন্য আৰু মোনা সিঙৰ সৈতে দেখা গৈছিল।

২০২২ চনৰ ১১ আগষ্টত মুক্তি পোৱা ছবিখন বক্স অফিচত বিফল হোৱাৰ পিছতো নেটফ্লিক্সত মুক্তি পোৱাৰ লগে লগে অনুৰাগীয়ে ইয়াক প্ৰশংসা কৰিছে। ১৯৯৪ চনৰ অস্কাৰ বিজয়ী ফৰেষ্ট গাম্পৰ পুন ৰ্নিৰ্মাণ আছিল টম হেংকছে। শ্বাহৰুখ খান অভিনীত ‘পাথান’ৰ উল্লাসৰ পিছত শেহতীয়াকৈ মুক্তিৰ তাৰিখ এসপ্তাহ ঠেলি দিয়া তেওঁৰ আগন্তুক একচন মনোৰঞ্জক ছবি ‘শ্বেহজাদা’ৰ বাবে সাজু হৈছে কাৰ্তিক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments