খটখটীত আমেৰিকাত নিৰ্মিত বিদেশী আগ্নেয়াস্ত্ৰসহ এগৰাকী মহিলাৰ লগতে পুৰুষ সৰবৰাহকাৰীক আটক ।
NL 07 R 0297 নম্বৰৰ এখন স্কুটিত এজন পুৰুষ আৰু এগৰাকী মহিলা লাহৰিজান দিশৰ পৰা চাণ্ডে বজাৰ অভিমুখে গৈ থকা অৱস্থাত চাণ্ডে বজাৰ ৰেলৱে’ ক্ৰছিং গেটৰ সমীপত স্কুটিখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত স্কুটিত আৰোহী দুয়োজনেই পথত পৰি আঘাতপ্ৰাপ্ত হয়।
স্থানীয় লোকে দুৰ্ঘটনাটোৰ খবৰ পাই খটখটি থানাক অৱগত কৰে।
খবৰ পোৱাৰ লগে লগে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰসহ খটখটি থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে আঘাতপ্ৰাপ্ত দুয়োজনক উদ্ধাৰ কৰি স্কুটিখনৰ নথি পত্ৰ তালাচীত কৰা সময়ত আমেৰিকাত নিৰ্মিত এটা পইণ্ট .32 পিষ্টল আৰু দুজাই সজীৱ গুলি উদ্ধাৰ কৰে ।
পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ ঘৰ ডিমাপুৰৰ বাৰ্মা কেম্পৰ মেজাকুংবো , আৰু মহিলা জনীৰ নাম জুথিউলিয়ু , বুলি জানিব পৰা গৈছে।
বৰ্তমান সৰবৰাহকাৰী দুটাৰ পৰা অধিক তথ্য জানিবৰ বাবে খটখটি থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
