হেমন্ত শৰ্মা, ৮ ফেব্ৰুৱাৰীঃ মাত্ৰ ৪৭ টকাত ১৫ দিন এখন বিলাসী হোটেলত কটালে এগৰাকী যুৱতীয়ে। দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঝান্সী ৰাণী নামৰ এগৰাকী যুৱতীয়ে চুৰি কৰিলে এখন অভিজাত হোটেল। যুৱতীগৰাকীয়ে ১৫ দিন বিলাসী হোটেলত কটায় আৰু বেংক একাউণ্টত মাত্ৰ ৪১ টকা থাকিলেও প্ৰায় ৬ লাখ টকা বিল কৰে। ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰ কৰি হোটেলখনৰ সকলো সা-সুবিধা লোৱাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰতাৰণা কৰি পলাবলৈও মন কৰিছিল। অৱশ্যে শেষ মুহূৰ্তত ঘটনাই বেলেগ ৰূপ লয়। অভিযুক্ত কিশোৰীগৰাকীৰ সম্পূৰ্ণ নাম ঝান্সী ৰাণী চেমুৱেল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা। শেহতীয়াকৈ দিল্লী বিমানবন্দৰৰ ওচৰৰ এখন বিলাসী হোটেলত আছিল যুৱতীগৰাকী৷ তাতে ১৫ দিন কটালে তেওঁ। দিল্লী আৰক্ষীৰ মতে, ঈশাই ডেভৰ নামত ভুৱা পৰিচয় পত্ৰ দেখুৱাই হোটেলখনৰ স্পা সেৱা লৈছিল। যাৰ বিল ২ লাখ ১১ হাজাৰ ৭০৮ টকা। তদুপৰি ১৫ দিন হোটেলত কটোৱাৰ পাছত যুৱতীগৰাকীৰ মুঠ বিল ৫ লাখ ৮৮ হাজাৰ ১৭৬ টকা।
বিশাল বিল পৰিশোধ কৰিবলৈ গৈ ধৰা পৰিল যুৱতীগৰাকী। ঝান্সীয়ে অনলাইন এপৰ জৰিয়তে বিল নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে। কিন্তু বেংকত টকা নথকাৰ বাবে বাৰে বাৰে বাতিল হৈ যায়। তেতিয়া দেখা যায় যে তেওঁৰ একাউণ্টত মাত্ৰ ৪১ টকাহে আছে। হোটেল কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।
সম্প্ৰতি তেওঁক আৰক্ষীয়ে জেৰা কৰি আদালতত হাজিৰ কৰায়। ইফালে হোটেল কৰ্তৃপক্ষই জনোৱা মতে যুৱতীগৰাকী পেছাত চিকিৎসক বুলি কৈছিল। আনকি তেওঁৰ স্বামীও একে পেছাৰ লগত জড়িত। সত্যাসত্য জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।