ডিজিটেল ডেস্ক, ৩১মে’: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰোৰ নেতৃত্বত আজিৰে পৰা উজনি অসম ভ্ৰমণ কৰিছে ৷ আজি ডিব্ৰুগড় জিলাত সজাতি দলটোক নাহৰকটীয়া উষ্ম আদৰণি জনাই ৷ নাহৰকটীয়া ২ নং বালিজান প্ৰাৰ্থমিক বিদ্যালয়ত নাহৰকটীয়া আঞ্চলিক গঠন সন্দৰ্ভত এখনি প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷
সভাত সভাপতিত্ব কৰে আছা ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক মিঠুৰাজ কিস্কুৱে আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াই প্ৰচাৰ সম্পাদক মিখেল পুৰ্তি ৷ সভাত সৰ্বসন্মতি ক্ৰমে অজয় গোৱালাক সভাপতি আৰু প্ৰেম উদয় ধানক সম্পাদক হিচাপে নিৰ্বাচিত কৰি ৩১ জনীয়া আছা নাহৰকটীয়া আঞ্চলিক সমিতি খন গঠন কৰা হয় ৷
সভাত গডউইন গ্ৰুপৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ সভাপতি বিকাশ গড় প্ৰচাৰ সম্পাদক মিখেল পুৰ্তি বিত্ত সম্পাদক মনোজ ৰাজপুত সাংগঠনিক সম্পাদক জীতেন বাঘ উপস্থিত হৈ আছা মূল সমিতিত যোগদান কৰে ৷
তেওঁলোকক কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰোই একেটাই বিষয়বাবত সাংগঠনিক কাম কাজ চলাই নিবলৈ সম্পূৰ্ণ প্ৰদান কৰে ৷ সভাত কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাং সাংস্কৃতিক সম্পাদক ডেভিদ তিৰ্কী, এ নিউজ 24×7 ৰ পৰিচালক সঞ্চালক দেৱজিৎ তালুকদাৰ, জিলা সমিতিৰ যুটীয়া সম্পাদক মিটু কিস্কু, উপদেষ্টা চণ্টু দাস, উপসভাপতিদ্বয় বিকী গড় মনজিত কেৰ্টেকটা আৰু ক্ৰীড়া সম্পাদক মহাবীৰ তাতীঁ উপস্থিত আছিল ৷
ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাঙে জনোৱা মতে, ‘আছা’ৰ সজাতি দলটো ১ জুনত তিনিচুকীয়া ২ জুনত চৰাইদেউ আৰু শিৱসাগৰ ৩ জুনত যোৰহাট আৰু গোলাঘাট ৪ জুনত কাৰ্বিআলং জিলা ভ্ৰমণ কৰি সাংগঠনিক কাম কাজৰ বুজ ল’ব বুলি এক প্ৰেছ বিবৃতিত জানিবলৈ দিছে ৷