প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত পূৰ্বৰ চেতিয়া আৰু বৰ্তমানৰ নদুৱাৰ সমষ্টিৰ জেষ্ঠ বিধায়ক পদ্ম হাজৰিকাই দুই আদিবাসী যুৱক ৰাজু মুণ্ডা আৰু পুস্প গোৱালাক হত্যা কৰি বিধায়ক হোৱা বুলি তেওঁৰে অতি ঘনিষ্ঠ মানৱ হাজৰিকা নামৰ যুৱক এজনে উত্থাপন কৰা ঘটনা চি বি আই তদন্ত দাবী কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ৷ আদিবাসী যুৱক দুজনক বিধায়কগৰাকী কিয় হত্যা কৰোৱালে ইয়াৰ জৱাব বিধায়ক পদ্ম হাজৰিকাই আদিবাসী ৰাইজক দিয়ক অন্যাথাই ন দুৱাৰ বিধায়ক সভা সমষ্টিত আদিবাসী অঞ্চলত প্ৰেবশ নিষিদ্ধ কৰা হব ৷
বি জে পি চৰকাৰ মাননীয় মূখ্যমন্ত্ৰীক সম্পূৰ্ণ বিষয়টো তদন্ত কৰি পদ্ম হাজৰিকাৰ বিধায়ক পদ খাৰিজ কৰক আৰু আগন্তুক নিৰ্বাচনত তেখেতক প্ৰাৰ্থী প্ৰদান কৰাৰ পৰা বিৰত থাকক নহলে ইয়াৰ পৰিনাম আদিবাসী সৰহ সংখ্যক ভোটাৰ থকা আন আন সমষ্টিত ভূগিব লাগিব ৷ মানৱ হাজৰিকা মুকলি ভাবে বিভিন্ন সামাজিক মাধ্যমত ঘটনাৰ উল্লেখ কৰা কেইবাঘণ্টা পাৰ হোৱা পিছতো প্ৰশাসনে কিয় আওকাণ কৰিছে নে এইয়া দানিয়েল টপ্ন আৰু গংগাৰাম কলৰ হত্যা কাণ্ডৰ দৰে গাপ দিব বিচৰা হৈছে বুলি সংগঠনটোৰ সভাপতি ৰেজান হৰো আৰু দেবেন উৰাঙে অভিযোগ উত্থাপন কৰিছে ৷
দানিয়েল টপ্ন আৰু গংগাৰাম কলৰ হত্যাকাণ্ডৰ তেখেতৰ পৰিয়ালবৰ্গই আজিলৈকে ন্যায় নোপোৱাৰ দৰে ৰাজু মুণ্ডা আৰু পুস্প গোৱালাৰ পৰিয়ালে ন্যায় নাপাব নেকি বুলি নেতাদ্বয়ে প্ৰশ্নৰ উত্থাপন কৰিছে ৷ ৰাজু মুণ্ডা আৰু পুস্প গোৱালাৰ হত্যাকাণ্ড চি বি আই শীঘ্ৰে তদন্ত ঘোষণা নকৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব বুলি অসম চৰকাৰক সংগঠনটোৱে সকীয়াই দিছে ৷
