Friday, July 4, 2025
Homeঅসমপ্ৰয়াত প্ৰদীপ নাগৰ স্থলত ৰেজান হৰো’ ক 'আছা'ৰ  ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব আৰু...

প্ৰয়াত প্ৰদীপ নাগৰ স্থলত ৰেজান হৰো’ ক ‘আছা’ৰ  ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব আৰু দেবেন উৰাঙক ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ এখনি জৰুৰী কায্যনিৰ্বাহক সভা গুৱাহাটী ছয় মাইলত উপদেষ্টা অনিল টপ্পৰ সভাপতিত্ব অনুষ্টিত হয় যায় ৷ সভাত উদ্দেশ্য ব্যাখ্যা কৰে আছা ৰ ভাৰপ্ৰাপ্ত সম্পাদক দেবেন উৰাঙে ৷ আছাৰ সভাপতি প্ৰদীপ নাগ দিল্লীৰ এখনি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱা ৮ এপ্ৰিলতত অকালতে প্ৰাণ হেৰুৱাৰ ফলত প্ৰায় এমাহ ধৰি সংগঠনটো অভিভাৱক হীন হৈছিল ৷

আজি গুৱাহাটী ছয় মাইলত অনুষ্ঠিত গুৰুত্ব পূৰ্ণ কায্যনিৰ্বাহক সভাত উপ সভাপতি ৰেজান হৰোক আগন্তুক অধিবেশনলৈকে ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে লগতে দেবেন উৰাঙক অধিবেশনলৈকে ভাৰপ্ৰাপ্ত সম্পাদকৰ গুৰু দায়িত্ব চলাই নিবলৈ সম্পূৰ্ণ কতৃত্ব প্ৰদান কৰে ৷

সভাৰ এক সিদ্ধান্ত মৰ্মে আছাৰ পৰৱৰ্তী কেন্দ্ৰীয় অধিবেশন শোণিতপুৰ জিলাত ৮ আৰু ৯ আগষ্টত অনুষ্টিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কায্যনিৰ্বাহক সভাত জাতীয় নায়ক প্ৰদীপ নায়কৰ আধাৰুৱা কৰ্ম সমূহ আগুৱাই লৈ যোৱাৰ সংকল্পবদ্ধ হয় আৰু সেই অনুসৰি শীঘ্ৰে সংগঠনটোৰ প্ৰতিখন জিলা সমিতিত শাসকীয় জনজাতিকাণৰ প্ৰদান কৰা ,ম্যাদী পট্ৰা প্ৰদান কৰা,চাহ শ্ৰমিকৰ মজূৰি বৃদ্ধি কৰাৰ দাবীত ৰাজ্যজুৰি বেনাৰ, পষ্টাৰিং আৰু দেৱাল লিখা কৰাৰ আজি গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ’য় । আজিৰ কায্যনিৰ্বাহক সভাত সংগঠনটোৰ উপ সভাপতি উপ সভাপতি ত্ৰয় চাক্ৰিয়াছ চৰেন ,ৰাজু তিৰ্কী ,ৰিছা মুণ্ডা , সাংস্কৃতিক সম্পাদক ডেভিদ তিৰ্কী ,প্ৰচাৰ সম্পাদক ৰবীৰাম বাস্কে লগতে বেনেদিক টপ্প ,পুৰণ গঞ্জু, দীপক নাগ, মেহেন মূৰ্মু ,ৰুহান ভূমিজ ,বিচাল কৰ্মকাৰ ,জন কুজুৰ ,সঞ্জয় মিঞ্জ ,তাৰচিউছ এক্কা আৰু অসমৰ প্ৰায়সংখ্যক জিলা উপস্থিত আছিল বুলি আছা ৰ ভাৰপ্ৰাপ্ত সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতিত জনাইছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments