২০ মে’ত জনজাতিকৰণ, মজুৰি বৃদ্ধিকে ধৰি বহুকেইটা বিষয়ত স্মাৰকপত্ৰ প্ৰদান । প্ৰয়াত সভাপতি প্ৰদীপ নাগৰ সহধৰ্মিনীক চৰকাৰী চাকৰিৰ নিয়মীয়াকৰণৰ দাবী
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ৰ এখন কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সভা ১৬ মে তাৰিখে ওদালগুৰি জিলাৰ সংগঠনটোৰ জাতীয় নায়ক প্ৰয়াত প্ৰদীপ নাগৰ বেঘাপাৰাস্থিত বাঘগৃত সভা অনুষ্ঠিত হয়। ‘আছা’ৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো’ৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ‘আছা’ৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন ওৰাঙে।
সভাত অসমৰ বিভিন্ন জিলা সমিতিৰ সভাপতি, সম্পাদকৰ লগতে আছাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি, জাতীয় নায়ক প্ৰয়াত প্ৰদীপ নাগৰ সহধৰ্মিনী প্ৰীতি ৰেখা বাৰ্লাক চাকৰিৰ নিয়মীয়াকৰণৰ কৰাৰ দাবী উত্থাপনৰ লগতে অসমৰ প্ৰত্যেকখন জিলাই অহা ২০ মে’ তাৰিখে জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ম্যাদী পট্টা প্ৰদান কৰাৰ দাবীত আৰু আদিবাসী সশস্ত্ৰ সংগঠনৰ কেডাৰসকলক সংস্থাপন কৰাৰ দাবী জনাই জিলা আযুক্তত স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
আনহাতে অসমৰ প্ৰত্যেকখন জিলাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ বিষয়েও সভাত প্ৰস্তাৱ গ্ৰহণ কৰে । আনহাতে অহা ৩০ জুন তাৰিখে হুল দিৱসটি কেন্দ্ৰীয়ভাবে কোকোৰাঝাৰ জিলাত অনুষ্ঠিত কৰাৰ পুণৰ প্ৰস্তাৱ গ্ৰহণ কৰে সভাই ।
আনহাতে ‘আছা’ প্ৰতিষ্ঠা দিৱসটি ৰাজ্যজুৰি জিলা পৰ্যায়ত অনুষ্ঠিত কৰাৰ এক প্ৰস্তাৱ সভাত গ্ৰহণ কৰা হয় । জাতীয় নায়ক প্ৰয়াত প্ৰদীপ নাগৰ নিজা গাওঁ বেঘাপাৰাৰ আদিবাসী জাতীয় পিতা জাষ্টিন লাক্ৰা আৰু বস্কো চেৰমাকোৰ নিজা গাওঁ চৰাইবিল দলগাঁৱক লগতে ‘আছা’ৰ জন্মস্থান লক্ষীমপুৰৰ জুনুবস্থী গাঁৱখনক অতি শীঘ্ৰে আদৰ্শ গাওঁ ঘোষণা কৰাৰ দাবী জনাই ‘আছা’ৰ কেন্দ্ৰীয় সমিতিয়ে অসম চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে বিগত আদিবাসী মহাসভাত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহ শীঘ্ৰে কাৰ্যকৰি কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰে ।
সভাত ‘আছা’ৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অনিল টপ্প, সাংস্কৃতিক সম্পাদক ডেভিদ তিৰ্কী ,প্ৰচাৰ সম্পাদক ৰবিৰাম বাস্কে ,শিক্ষা সম্পাদক দীপক নাগ ,ক্ৰীড়া সম্পাদক ইছাক লাক্ৰা উপস্থিত আছিল বুলি ‘আছা’ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷