কোকোৰাঝাৰ জিলাৰ কাৰিগাওত হোৱা এটা অতি দূৰ্ভাগ্যজনক ঘটনাৰ আলম লৈ যোৱা ২০ জানুৱাৰীত একাংশ দুস্কিতিকাৰীয়ে পশ্চিম কাৰিগাও আৰু দক্ষিণ কাৰিগাওঁৰ ২৬ টা গৃহ ,আছাৰ কায্যলয় ,বিৰচা মুণ্ডা ভৱণ আৰক্ষী প্ৰশাসনৰ সন্মূখতে জ্বলাই দিয়া ঘটনাক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি তীব্ৰ নিন্দা কৰিছে ৷
আছাই ১২ ঘণ্টাৰ ভিতৰত দুস্কিতিকাৰী সকলক কৰায়ক্ত কৰিবলৈ সময় বান্ধি দিছিল যদিও বৰ্তমান লৈকে কোনো এজন দুস্কৃিতিকাৰীক কৰায়ক্ত কৰিবলৈ সক্ষম নোহোৱাটো গৃহ বিভাগৰ ব্যৰ্থতা বুলি অভিহিত কৰি কাইলৈ ৰাজ্যজুৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমুৰ্তি দা কৰিব সংগঠনটোৱে ৷
যোৱা কালি যি অমাৱীয় ঘটনাৰ বলি হয় বৰ্তমান বাৰশ আদিবাসী লোক হাৰ কপোৱা জাৰত কণ কণ লৰা ছোৱালীৰ সৈতে আশ্ৰয় শিবিৰত অনাহাৰে থাকিব লগা হৈছে ৷ প্ৰসাশনে এতিয়ালৈকে কোনোধৰণৰ খাদ্যৰ যোগান ধৰা নাই এইয়া দুৰ্ভাগ্যজনক ৷ শীঘ্ৰে গৃহহাৰা লোক সকলক পুণৰ সংস্থাপনন প্ৰদান কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলক যাৱতীয় খাদ্য পানী লগতে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছাই দাবী জনাইছে ৷
