Wednesday, March 11, 2026
Homeঅসমজিলা পৰ্যায়ত অশুদ্ধ জাতিগত প্ৰমাণপত্ৰ দাহ কাৰ্যসূচী ৰূপায়ণ আছাৰ

জিলা পৰ্যায়ত অশুদ্ধ জাতিগত প্ৰমাণপত্ৰ দাহ কাৰ্যসূচী ৰূপায়ণ আছাৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই আজি তিনিচুকীয়া ডিব্ৰুগড় ওদালগুৰি আৰু বাস্কা জিলা সমিতিয়ে অশুদ্ধ জাতি গত প্ৰমাণ পত্ৰ দাহ কায্যসূচী ৰূপায়ণ কৰি ওৰাং মুণ্ডা কল খাৰিয়া গড় কুৰ্মি জাতি হিচাপে শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া জিলাৰ এলবাৰ্ট ওঢ়েয়াৰ নেতৃত্বত জিলা আযুক্ত কায্যলয়ৰ সন্মুখত প্ৰায় তিনিশ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লগান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিব্ৰুগড় জিলাই ডিব্ৰুগড় বাইপাছত ওদালগুৰি জিলাই আছা কায্যলয় সন্মুখত কেন্দ্ৰীয় সভাপতি ৰেজান হৰো নেতৃত্ব আৰু বাস্কা জিলাই বাগানপাৰত কেন্দ্ৰীয় উপ সভাপতি ডেভিদ তিৰ্কীৰ নেতৃত্বত অশুদ্ধ জাতিগত প্ৰমান পত্ৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি নেতৃতাধীন চৰকাৰখনৰ মিছলীয়া মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালী উপ নিৰ্বাচনৰ আগত শুদ্ধ জাতিগত প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি জাতীয় নায়ক প্ৰদীপ নাগৰ আগত প্ৰদান কৰাৰ পিছতো আজিকোপতি প্ৰদান নকৰাটো দূৰ্ভাগ্যজনক ৷

শুদ্ধ জাতিগত প্ৰমাণপত্ৰ উৰাং মুণ্ডা চাওৰা চাওৰা কল ভীল কয়া হিচাপে প্ৰদান কৰাৰ সংগঠনটোৱে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো চৰকাৰখনে ভেকুভাওনা কৰি আজিলৈকে শুদ্ধ জাতিগত প্ৰমানপত্ৰ প্ৰদান নকৰি জাতিটোক প্ৰতাৰণা কৰিছে বুলি আছাৰ সভাপতি ৰেজান হৰো মন্তব্য প্ৰদান কৰিছে ৷ বৰ্তমান আদিবাসী চাহ শ্ৰমিক সকলক যি জাতিগত প্ৰমাণপত্ৰ চৰকাৰখনে দি আহিছে সেইয়া প্ৰবঞ্চনাৰ বাহিৰে একো নহয় ৷

প্ৰমাণপত্ৰত চাহ জনজাতি/প্ৰাক্তন চাহ জনজাতি /লেবাৰ আদি উল্লেখ কৰি বি জি পি চৰকাৰখনে আদিবাসী ছাত্ৰ ছাত্ৰীক মানসিক ভাবে অত্যাচাৰ কৰি আহিছে বুলি কেন্দ্ৰীয় সম্পাদক দেবেন উৰাং গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷ চাহ জনজাতি লেবাৰ প্ৰাক্তন চাহ জনজাতি উল্লেখ থকা জাতিগত প্ৰমাণপত্ৰ আদিবাসী জনগোষ্ঠী গ্ৰহণ কৰাৰ অপাৰগ কিন্তু বাধ্যত পৰি গ্ৰহণ কৰি আহিছে ৷

আদিবাসী জনজাতিকৰণ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈকে বৃদ্ধি কৰা চাহ শ্ৰমিক সকলক ম্যাদী মাটি পট্ৰা প্ৰদান কৰাৰ দাবীত ১৬ আৰু ১৭ আগষ্টত বি টি আৰৰ চাৰিখন জিলা কোকোৰাঝাৰ চিৰাং বাস্কা আৰু ওদালগুৰি জিলাক সামৰি অৰাঙজুলি আৰু মাজবাট আই টি আই খেলপথাৰত বিশাল গণ হুংকাৰ কায্যসূচী গ্ৰহণ কৰিব বুলি আছা ৰ নৱনিৰ্বাচিত সভাপতি ৰেজান হৰো উপ সভাপতি অমৰজিৎ কেৰ্কেটা সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতিত জানিবলৈ দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments