Tuesday, March 10, 2026
Homeঅসমকাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ...

কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিব আছাই

কেন্দ্ৰীয় আৰু ৰাজ্যখনত থকা শাসনাধিষ্ঠি বিজেপি নেতৃতাধীন চৰকাৰখনে আদিবাসী জনগোষ্ঠী জনজাতিকৰণ (অনূসুচীকৰণ) কৰাৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰৱল প্ৰতাৰণা কৰাৰ প্ৰতিবাদত কাইলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)কাইলৈ ৰাজ্যজুৰি জিলা আৰু আঞ্চলিক পয্যায়ত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংগঠনটোৰ সভাপতি ৰেজান হৰো সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷ প্ৰত্যেক নিৰ্বাচনৰ সময়ত ইস্তাহাৰ ছয় জনগোষ্ঠীৰ বিষয়টো স্থান পায় যদিও পাঁচ বছৰে বিষয়টো অৱলম্বন কৰি পুণৰ নিৰ্বাচনৰ আগে আগে জনজাতিকৰণ সন্দৰ্ভত কুছকাৱাজ কৰা দেখা যায় যদিও সেৱা নিৰ্বাচনী বৈতৰণী পাৰ হোৱা এটি কৌশল হে মাথোঁ ৷

 

যোৱা শীতকালীন অধিবেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো মাত্ৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন সীমিত ৰাখি পুণৰবাৰ প্ৰতাৰণা কৰিছে বুলি নেতাদ্বয়ে ক্ষোভ উজাৰে ৷ ২০২৬ নিৰ্বাচন আগত আদিবাসী সকলক জনজাতিকৰণ নকৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা) ই ৰাজনৈতিক আন্দোলন কৰি বিজেপিক উৎসাহ কৰা হ’ব বুলি নেতাদ্বয়ে এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments