Saturday, March 14, 2026
Homeঅসমক্ষমা নিবিচৰা পৰ্যন্ত গাঁও-বাগিচাত প্ৰতিকৃতি দাহ অব্যাহত ৰাখিব আছাই

ক্ষমা নিবিচৰা পৰ্যন্ত গাঁও-বাগিচাত প্ৰতিকৃতি দাহ অব্যাহত ৰাখিব আছাই

কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ২৯ জুলাইত পুণৰ আছা ৰ বিৰোধে মন্তব্য প্ৰকাশ কৰি কৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) জন্ম লাভ কৰা বেছি দিন হোৱা নাই আজি উলাই আহি জনজাতিকৰণ বিছাৰিলে পাব নেকি বুলি টুলুঙা মন্তব্য প্ৰকাশ কৰি সংগঠনটোৰ আত্মসন্মানত আঘাত হানি জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে ৷ তেখেত কৰা সংগঠনটো বোলে দীৰ্ঘদিন জনজাতিকৰণ আন্দোলন কৰিছে ৷ সাংসদ গৰাকী বোলে যোৱা ২৪ জুলাইৰ সাক্ষাৎকাটোত আদিবাসী সকলৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য দাঙি ধৰা নাই বুলি গোকাট মিছা মাতি সুৰ সলাব চেষ্টা কৰিছে ৷

তেখেত খ্ৰীষ্টান ধৰ্ম লৈ মন্তব্য প্ৰকাশ কৰি বিচাপ আৰু চাৰ্চ বিলাকক সমালোচনা কৰিছিল বুলি দায়সৰা মন্তব্য প্ৰকাশ কৰিছে ৷ তেখেতৰ বিৰূপ মন্তব্যই বৃহত্তৰ আদিবাসী সমাজখনক বিভক্ত কৰাৰ ষড়যন্ত্ৰক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই কেতিয়াও ক্ষমা নকৰে ৷ নিজৰ ভৱিষ্যতৰ ৰাজনৈতিক লাভালাভৰ চিন্তা কৰি ধৰ্মৰ নামত সমাজখনক বিবাদ কৰি সাতামপুৰুষীয়া এনাজৰী ভাঙিবলৈ চেষ্টা কৰা সাংসদ গৰাকীৰ অসমৰ বাগিচা সমূত প্ৰবেশত বাধা প্ৰদান কৰিব সংগঠনটোৱে ৷

তেখেত জনা উচিত বিচাপ প্ৰচাৰক সকল কেতিয়াও জনজাতিকৰণ বিচৰা যোৱা নাই ৷ বাৰম্বাৰ তেখেত নিজে কৰা সংগঠনটোৰ কথা টানি আনি সংঘাত সৃষ্টি কৰাব বিচৰা কায্যৰ পৰা বিৰত থাকক ৷ উল্লেখ যে কামাখ্যা প্ৰসাদ তাছাই ২৪ জুলাইত তেখেতৰ মন্তব্যত কৈছিল যে হিন্দু ধৰ্মৰ মুণ্ডা ওৰাওঁ চাওতাল সকলে জনজাতি পাব কিন্তু খ্ৰীষ্টান ধৰ্মৰ ওৰাওঁ মুণ্ডা চাওতাল সকলে জনজাতিকৰণ নাপয় লগতে খ্ৰীষ্টান সকলে বিজেপি ক ভোট নিদিয়ে ।

সাংসদ কামাখ্য প্ৰসাদ তাছাই যিটো ছাত্ৰ সংগঠনৰ দীৰ্ঘদিন নেতৃত্ব বহন কৰিছিল সেই সংগঠনটোক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা ব্যক্তিৰ নেতৃত্বত ডিব্ৰুগড় জিলাৰ দীঘলীয়াৰ এক গ্ৰীৰ্জা ঘৰৰ কম্পাউণ্ডত জন্ম হৈছিল ৷ সাংসদ গৰাকী ৰাজহুৱা ভাবে আদিবাসী সমাজৰ ওচৰত ক্ষমা নুখুজা পয্যন্ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা( আছা)ই ধাৰাবাহিক ভাবে ৰাজ্যজুৰি নগৰ চহৰ বাগিচা গাও অঞ্চলত তেখেতৰ প্ৰতিমূৰ্ত্তি দাহ কায্যসূচী অব্যাহত ৰাখিব বুলি আছা ৰ সভাপতি ৰেজান হৰো উপ সভাপতিত্ৰয় ডেভিদ জে তিৰ্কী,  চাক্ৰিয়াচ চৰেন, ৰাজু তিৰ্কী আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments