Friday, March 13, 2026
Homeঅসম২৫ জুলাইত "আছা " ৰ ২২ সংখ্যক শ্বহীদ দিৱস

২৫ জুলাইত “আছা ” ৰ ২২ সংখ্যক শ্বহীদ দিৱস

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ২২ সংখ্যক শ্বহীদ দিৱস কাইলৈ অৰ্থাৎ ২৫ জুলাইত বিশেষকৈ পানেৰী চাহ বাগিছা লগতে ৰাজ্যজুৰি আঞ্চলিক পয্যায়ত উদযাপন কৰা হব বুলি আছা ৰ সভাপতি ৰেজান হৰো উপ সভাপতি ৰাজু তিৰ্কী আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিব দিছে ৷

২০০৩ চনৰ ২৫ জুলাইত জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধ সফল কৰিবলৈ ওদালগুৰি জিলাৰ পানেৰী কচুবিলত দোকান হাট বজাৰ বন্ধ কৰিবলৈ ওলাই অহা একাংশ আদিবাসী ছাত্ৰ কৰ্মীৰ ওপৰত অতি বৰ্বৰতাৰে অসম আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যধেমধে গুলীচালনা কৰাত আঠজনকৈ আদিবাসী যুৱক ক্ৰমে জিতেন তাতী ,নাথনিয়েল নাগ ,অৰুণ তাতী ,বাসুদেৱ খেৰৱাৰ ,যোচেফ বাৰ্লা ,(কান্তাৰাম) চানিকা চাৱাছী ,ডম্বু হাচাপুৰ্তী ,মাংৰা গোৱালাই থিতাতে প্ৰাণ হেৰুৱাই ৷

সেই দিনটোক আছা ই প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি শ্বহীদ সকলক স্মৰণ কৰিোআহিছে ৷ নিজৰ পাপ্য সংবিধানিক অধিকাৰ জনজাতিকৰণ বিচাৰি যাওঁতে আঠজনকৈ সুঠাম যুৱকক বিনা দোষত হত্যা কৰা হল যদিও সেই হত্যাকাণ্ডৰ আজিকোপতি বিচাৰ নহল লগতে শ্বহীদ সকলৰ পৰিয়ালে ন্যায় নাপালে ৷ প্ৰত্যেকটো চৰকাৰে উক্ত হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে কিন্তু বৰ্তমান প্ৰতিশ্ৰুতি পাহৰণিৰ গৰ্ভত ৷

ইয়াৰ পিছতো বিভিন্ন সময়ত আদিবাসী ছাত্ৰ সন্থাৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ আছাৰ সভাপতি বস্কো চেৰমাকু সহকাৰী সম্পাদক আন্দ্ৰিয়াচ মাৰাণ্ডি , কোকোৰাঝাৰ জিলাৰ সভাপতি ফিলিমন টুডু, বদন হাচদা ,হেমলাল চনা ,চেমচন লংগুৰি ,মঙ্গল হেম্বৰম ,ডানিয়েল টপ্ন ক হত্যা কৰা হল কিন্তু সেইসকলৰো আজিকোপতি বিচাৰ নহল ৷আছা ৰ সংগ্ৰামী হত্বাক দমন কৰিবলৈ চৰকাৰী পক্ষই প্ৰচেষ্টা অব্যাহত যদিও আছাই নিজৰ সংবিধানিক দাবীৰ প্ৰতি সদায় অটল আৰু আপোহীন ৷

বৰ্তমানেও আদিবাসী সকলক জনজাতি ময্যদা প্ৰদানৰ বাবে আছাই গণতান্ত্ৰিক ভাবে বাৰম্বাৰ দাবী জনাই আহিছে কিন্তু কেন্দ্ৰ আৰু ৰাজ্যখনত থকা বিজেপি চৰকাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰি প্ৰবঞ্চনা কৰিছে ৷ মাত্ৰ যি কোনো নিৰ্বাচনৰ সময়ত জনজাতিকৰণ বিষয়টো লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হোৱা পৰিলক্ষিত হোৱা দেখা পোৱা যায় ৷ মাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবেই এই ইছুটোক জীয়াই ৰখা হৈছে বুলি আছাৰ নেতাত্ৰয়ে অভিযোগ উত্থাপন কৰিছে ৷

বৰ্তমানৰ বিজেপি নেতৃতাধীন ৰাজ্য চৰকাৰে যে আদিবাসী সকলক জনজাতি কৰণ প্ৰদান কৰিব সেইয়া তেওঁলোকৰ কাৰুকাৰ্যত লগা নাই ৷ আদিবাসী সকল জনজাতিকৰণ ময্যদা পালেহে সেই সকল যহিদৰ মূল্য আৰু ময্যদা পাব বুলি আছাৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে মন্তব্য কৰে ৷ আছা ই ২০০৩ চনৰ বৰ্বৰ হত্যা কাণ্ড জাতিৰ হকে প্ৰাণ আহুতি দিয়া অষ্ট শ্বহীদক সোৱৰি লগতে বিভিন্ন সময়ত আদিবাসী সমাজৰ বাবে শ্বহীদ হোৱা সকলক সোৱৰি ২৫ জুলাইত ৰাজ্যজুৰি আঞ্চলিক পয্যায়ত শ্বহীদ দিৱস পালন কৰাৰ আহ্বান জনোৱাৰ লগতে উক্ত দিনা প্ৰত্যেক আদিবাসী পৰিয়ালক গধূলি নিজৰ পদূলিত এগজি বন্তি প্ৰজ্বলন কৰিবলৈ আছাৰ সভাপতি ৰেজান হৰো উপ সভাপতি ৰাজু তিৰ্কী আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে আহ্বান জনাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments