Thursday, November 7, 2024
Homeঅসমশংকৰজ্যোতি বৰুৱাক আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি আৰু চুটি লবলৈ আহ্বান

শংকৰজ্যোতি বৰুৱাক আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি আৰু চুটি লবলৈ আহ্বান

ডিজিটেল ডেস্ক, ১০ছেপ্তেম্বৰ:শংকৰজ্যোতি বৰুৱাক আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি আৰু চুটি লবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। প্ৰেম-প্ৰতাৰণাৰ অভিযোগেৰে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে দিছপুৰ থানাত দাখিল কৰিছিল গোচৰ।

আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰামৰ্শ। শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি ল’বলৈ পৰামৰ্শ। বিষয়টো লৈ আছুক কাৰ্যনিৰ্বাহক বৈঠক পতাৰো আহ্ৱান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। বৈঠকত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তিৰ পৰামৰ্শ।

শংকৰজ্যোতি বৰুৱাক লৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাৰ। ‘‘সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমুজ্জল দা, মই শংকৰক পৰামৰ্শ আগবঢ়াইছো। তেওঁক অব্যাহতি বা ছুটী ল’বলৈ আহ্বান জনাইছো। সংবাদ মাধ্যমত কোৱা কথাখিনিয়ে আমাৰ আগতো কৈছে। আমি গুৰুত্বসহকাৰে বিষয়টো গ্ৰহণ কৰিম। আশা ৰাখিছো তেওঁ সঁহাৰি জনাব।যুৱতীগৰাকীও আছুৰ এগৰাকী সক্ৰিয় সদস্যা। গোচৰ ৰুজু বিষয়টো আইনী বিষয়। এইক্ষেত্ৰত আছুৱে কৰিব লগা বিশেষ একো নাই। আশা ৰাখিছো শংকৰজ্যোতি বৰুৱাই ইতিবাচক সঁহাৰি জনাব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments