তামুলপুৰ, ৭মাৰ্চ:তামুলপুৰত ABMSU ৰ প্ৰতিবাদী কাৰ্যসূচী।অসম চৰকাৰ লেই লেই ছেই ছেই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ শ্লোগানেৰে এবিএমছুৰ উত্তাল প্ৰতিবাদ।

বিটিআৰৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU ৰ আহ্বানত আজি তামুলপুৰ জিলা ABMSU ৰ সহযোগত তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহো বড়ো খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

সদৌ বি.টি.চি সংখ্যালঘু ছাত্র সন্থা( ABMSU )ৰ উদ্যোগত আৰু তামুলপুৰ জিলা সমিতিৰ সহযোগত কেইবাটাও দাবীৰ সমৰ্থনত তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
বি.টি.আৰ ত প্ৰস্তাৱিত উচ্ছেদৰ প্ৰক্ৰিয়া বন্ধ কৰি সৰ্বস্তৰৰ ভূমিহীন আৰু ভূমিপট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰা, বৰ্তমানৰ বি.টি. আৰত বিগত সময়ছোৱাত সংঘটিত নৃগোষ্ঠীয় সংঘর্ষ, উগ্রপন্থীৰ আক্ৰমণ তথা বিভিন্ন ৰক্তপাত জনিত ঘটনাত ক্ষতিগ্রস্থ সংখ্যালঘু পৰিয়ালসমূহক সম্পূর্ণ পুনঃ সংস্থাপন আৰু সম্পূর্ণ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা।
এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্রেপ্তাৰ কৰি হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন কৰা আদি সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে সাংসদ নব কুমাৰ শৰণীয়াকো সমালোচনা কৰে এবিএমছুৰ নেতাই।

প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ আমাক ভূমি অধিকাৰ লাগিবই, লাফিকুল হত্যাকাৰীক লাগিবই, অসম চৰকাৰ লেই লেই ছেই ছেই এবিএমছু জিন্দাবাদ, আমাক ন্যায় লাগিব ন্যায় দিয়ক প্ৰমোদ বড়ো মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দবাদ, বিটিআৰ চৰকাৰ কাম নাই প্ৰমোদ বড়ো হায় হায় আদি শ্লোগান দি উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ৷

