ডিজিটেল ডেস্ক, ANEWS24X7: বিগত কেইদিন মান ধৰি হিমাচল প্ৰদেশত হৈ আছে তুষাৰপাত। সেয়েহে তিনিদিন ধৰি বন্ধ কৰি দিয়া হৈছে হিমাচল প্ৰদেশৰ ওখ অঞ্চলৰ ১০০ ৰো অধিক পথ। এই তথ্য প্ৰদান কৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে।
সূত্ৰ অনুসৰি কাংৰাত তিনিটা, মাণ্ডিত এটা পথ আৰু চম্বাত দুটা , কুল্লুত ছয়টা পথ অৱৰোধ কৰা হৈছে। স্পিতিত আৰু লাহৌলত ৯০ টা, ৰোহটাং পাছআৰু জলোৰী পাছৰ ৩ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩০৫ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈ আছে ।
ওখ অঞ্চল সমূহত শীতৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লাহৌল আৰু স্পিতিৰ কিলং ৰাজ্যত -৬.৯ ডিগ্ৰী চেলচিয়াছতকৈ কম তাপমাত্ৰা। বৰ্তমান যান-বাহন পুনৰুদ্ধাৰৰ কাম চলি আছে।