ডিজিটেল ডেস্ক,৩০ আগষ্ট: উদ্ৱোধন কৰা ২৪ ঘণ্টাৰ নহঁওতেই গুৱাহাটীৰ মালিগাঁৱত নতুনকৈ উদ্বোধন কৰা নীলাচল উৰণীয়া সেতুত (Accident on newly inaugurated Nilachal Flyover)সংঘটিত হয় এক দুৰ্ঘটনা ।দুৰ্ঘটনাত আহত হয় এজন।
এখন ট্ৰাকে উৰণীয়া সেতুৰ ওপৰত গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা সংগ্ৰহৰ গাড়ীত খুন্দা । গাড়ীখন উলটি যোৱাৰ লগতে জিএমচিৰ কৰ্মীজন কিছু সামান্য আঘাতপ্ৰাপ্ত হয়।উৰণীয়া সেতুত জাবৰ সংগ্ৰহৰ নিয়মীয়া কৰ্তব্যত থকা শ্ৰমিকজনৰ লগত পুৱাই সংঘটিত হয় এই দুৰ্ঘটনা।
পিছত ঘটনাৰ লগত জড়িত ট্ৰাকখন জব্দ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।উল্লেখ কৰিব পাৰি যে বুধবাৰে নীলাচল উৰণীয়া সেতুখন উদ্বোধন কৰা হয় আৰু এই সেতুখনেই অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেতু চিনাক্ত কৰা হৈছে।যিখন সেতু ৪২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৰু পৰিসৰ ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উৰণীয়া সেতু।