ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী। অসমৰ ৰাজনীতিত নিজা চাপ এৰি যোৱা এই হাইপ্ৰফাইল কেলেংকাৰীৰ খবৰে জোকাৰি গৈছিল ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতি। নাম সাঙুৰ খাইছিল ৰাজ্য তথা দেশৰ বহু হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ নাম। এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছতেই ৰাজনৈতিক দৃশ্যপট সলনি হোৱা আৰম্ভ কৰে।
প্ৰৱৰ্তন সঞ্চালকালয়ে সাৰদা চিটফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভত অসমৰ প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, পশ্চিমবংগৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক দেবেন বিশ্বাস, ইষ্টবেংগলৰ কৰ্মকৰ্তা দেবব্ৰত সৰকাৰ আৰু পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰমকে ধৰি কেইবাজনো “হিতাধিকাৰী”ৰ সম্পত্তি জব্দ কৰিছে। জব্দ কৰা সম্পত্তিৰ মুঠ মূল্য ৬ কোটি টকাতকৈও অধিক হ’ব। এক বিবৃতিত ইডিয়ে কয় যে পিএমএলএ আইন অনুসৰি, আদালতে ৩.৩ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৩ কোটি টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল। সেই অনুসৰি সম্পত্তিবোৰ জব্দ কৰা হৈছে।
সম্পত্তি জব্দ হোৱা সকলৰ ভিতৰত আছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰম, অসমৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্ত, পশ্চিমবংগৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক দেৱেন বিশ্বাস আৰু ইষ্ট বেংগল ক্লাবৰ অন্যতম কৰ্মকৰ্তা দেৱব্ৰত সৰকাৰ।
ইডিৰ বিবৃতিত লগতে কোৱা হৈছে যে সাৰদা গোটে বজাৰৰ পৰা ২,৪৫৯ কোটি টকা সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত, সুদীপ্ত সেনৰ কোম্পানীয়ে বিনিয়োগকাৰীসকলক ১,৯৮৩ কোটি টকা ঘূৰাই দিব নোৱাৰিলে। ইডিয়ে এতিয়ালৈকে এই গোচৰটোত ৬০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।
উল্লেখ্য যে সাৰদা চিট ফাণ্ড কেলেংকাৰীয়ে অসমকো বৰকৈ জোকাৰি গৈছিল। সেই সময়ৰ তথ্য সূত্ৰ মতে অসমৰ দৰিদ্ৰ বিনিয়োগকাৰীৰ পৰা সাৰদাই ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু জমাকাল সম্পূৰ্ণ হ’লে বিপুল পৰিমাণৰ টকা ঘূৰাই পোৱাৰ আশা দিছিল। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে তেওঁলোক প্ৰতাৰিত হোৱা বুলি অভিযোগ কৰিছিল।
চাৰিটা কোম্পানিৰ যোগেদি ২০০৮ৰ জুলাইৰ পৰা ২০১৩ চনৰ এপ্ৰিললৈকে ৰাইজৰ পৰা এই চিট ফান্দ কোম্পানীটোৱে ধন সংগ্ৰহ কৰিছিল বুলি এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ইয়াৰ অভিযোগনামাত উল্লেখ কৰিছিল। কোম্পানী চাৰিটা আছিল Saradha Realty India Ltd, Saradha Tours & Travels Pvt Ltd, Saradha Housing Pvt Ltd আৰু Saradha Garden Resorts and Hotels Pvt Ltd।
জানিব পৰা গৈছিল যে সুদীপ্ত সেন অসমৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰো ঘনিষ্ঠ আছিল আৰু তেওঁৰ চিট ফান্দ ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তেওঁলোকক নিয়মীয়াকৈ ধন দিছিল।
আনহাতে, বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ বিৰুদ্ধে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে সাৰদা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল।
সাৰদা কেলেংকাৰিত জড়িত থকাৰ বাবে অসমৰ তিনিগৰাকী জনাজাত লোক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মাতংগ সিং, গায়ক সদানন্দ গগৈ আৰু মিডিয়া বেৰন মনোৰঞ্জনা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ক’লকাতাত জে’লত ৰখা হৈছিল।
এই চিট ফান্দ গোচৰ সন্দৰ্ভত ২০১৭ চনৰ ফেব্ৰুৱাৰিত মধ্য দিল্লীৰ গ’লে বজাৰত প্ৰাক্তন কংগ্ৰেছী নেতা মাতংগ সিঙৰ ১০০ কোটিটকীয়া সম্পত্তি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰিছিল।