জুলফিকাৰ আলি, নাজিৰা: অৱশেষত বনকৰা আদিবাসী মহিলা অনিমা প্ৰজাক পৈশাচিক নিৰ্যাতন কৰা অভিযুক্ত সদ্য নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ নাজিৰা আৰক্ষীৰ । যোৱা কালি অসম ৰাজ্যিক মহিলা আয়োগে মহিলা নিৰ্যাতনকাৰী নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰে শুভলক্ষ্মী দত্তই( Accused cop ASP Subhalakshmi Dutta surrenders at SP office in Sivasagar) ।
প্ৰায় তিনিঘণ্টা ধৰি আন আন গোচৰ সন্দৰ্ভত সোচপোচ কৰাৰ পিছত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । প্ৰয়াস এঘণ্টা সোধপোচৰ অন্তত শুভলক্ষ্মী দত্তক নাজিৰা থানাৰ পৰা লৈ যোৱা হৈছে চিকিৎসাৰ বাবে আৰু পিছতমুখত কাপোৰ মাৰি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শুভলক্ষ্মীক লৈ যোৱা হয় ন্যায়িক দণ্ডাধীশ আদালতলৈ ।