Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়ৰামায়ণৰ আধাৰত ভাৰতীয় আইনৰ অপৰাধীক ক্ষমা কৰা আইনঃন্যায়াধীশ জি আৰ স্বামীনাথন

ৰামায়ণৰ আধাৰত ভাৰতীয় আইনৰ অপৰাধীক ক্ষমা কৰা আইনঃন্যায়াধীশ জি আৰ স্বামীনাথন

ডিজিটেল ডেস্ক, ANEWS24x7: ভাৰতীয় আইন অনুসৰি অপৰাধীক ক্ষমা কৰাৰ আধাৰ বাল্মীকিৰ ৰমায়ণত আছে ৷ সেয়া ৰাষ্ট্ৰপতিয়ে নিজে সংবিধানৰ অনুচ্ছেদ ৭২ৰ অধীনত এজন অভিযুক্তক ক্ষমা কৰা হওক বা ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ধাৰা ৪৩২ৰ অধীনত শাস্তি ৰক্ষা কৰা হওক ৷ এই মন্তব্য কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি আৰ স্বামীনাথনে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উকীল শাখা অখিল ভাৰতীয় অধিবক্তা পৰিষদৰ ৰাষ্ট্ৰীয় সন্মিলনত এই মন্তব্য কৰে ৷

বৃহস্পতিবাৰে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত উকীল সংস্থাৰ সন্মিলনত ‘‘৭৫ বছৰৰ পুনৰুত্থানশীল ভাৰতঃ ভাৰতীয় ন্যায়শাস্ত্ৰৰ সময় আহি পাৰিছে’’ শীৰ্ষক ভাষণ প্ৰদান কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি আৰ স্বামীনাথনে ৷ স্বামীনাথনে কয় যে ,‘‘ আন বহুতৰ দৰে ৰাজীৱ গান্ধীৰ হত্যাকাৰীসকলক মুকলি কৰি দিয়াৰ বাবে আৰু তেওঁলোকৰ এজনক চেন্নাইত এখন সন্মিলনত বক্তা হিচাপে আমন্ত্ৰণ জনোৱাত মই বিচলিত হৈছিলো ৷ সেই সময়ত বাল্মীকিৰ ৰামায়ণৰ এটা শ্লোক মনত পৰিছিল ৷ শ্লোকটোত সীতাই হনুমানক কৈছিল যে কোনোও ভুলৰ উৰ্ধত নহয় ৷ সেয়েহে , কোনোবাই অত্যাচাৰ কৰিলেও , প্ৰতিশোধৰ পৰিৱৰ্তে ক্ষমাৰ কথা ভাবিব লাগে ৷’’

ন্যায়াধীশ স্বামীনাথনে লগতে কয় যে,‘‘ এই অসাধাৰণ শ্লোকটো পঢ়াৰ পিছতহে মই ছয়জন অভিযুক্তৰ ক্ষমা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিলো ৷ মই বুজি পাইছিলো যে অনুচ্ছেদ ৭২ বা ধাৰা ৪৩২ এই সকলোবোৰৰ মূলত আছে বাল্মীকিৰ ৰামায়ণ ৷ ’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments